কোনে গঠন কৰিব হোজাই জিলা পৰিষদ : নিমিলা অংক বিজেপি-কংগ্ৰেছৰ

কোনে গঠন কৰিব হোজাই জিলা পৰিষদ : নিমিলা অংক বিজেপি-কংগ্ৰেছৰ

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল ৷ এতিয়া আৰম্ভ হৈছে আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ গঠনৰ কুচকাৱাজ ৷ অসমৰ বিভিন্ন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত গঠনৰ কুচকাৱাজ চলি থকাৰ সময়ত হোজাই জিলা পৰিষদ গঠনৰ বাবে কংগ্ৰেছ-বিজেপি উভয় শিবিৰতে তৎপৰতা চলিছে ৷

কোনে গঠন কৰিব হোজাই জিলা পৰিষদ ? এই লৈ ৰাজনৈতিক দলৰ অভ্যন্তৰত হিচাপ-নিকাচ চলি থকাৰ সময়ত দলীয় কৰ্মীৰ মাজত চলিছে উৎকণ্ঠা ৷ নৱগঠিত হোজাই জিলা পৰিষদ কোনে গঠন কৰিব ?

কোন হ'ব হোজাই জিলা পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ ? হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত ১২টা জিলা পৰিষদ সমষ্টি আছে ৷ প্ৰতিটো বিধানসভা সমষ্টিত আছে চাৰিটাকৈ জিলা পৰিষদ সমষ্টি ৷

সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত হোজাই জিলাৰ ১২টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত শাসকীয় বিজেপি দলে ৫খনকৈ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে লাভ কৰিছে ৬খন আৰু এআইইউডিএফে লাভ কৰিছে এখন আসন ৷

এনে অৱস্থাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ কোনো এটা দলৰ ওচৰত নাই পৰ্যাপ্ত আসন ৷ কংগ্ৰেছে জিলা পৰিষদখন গঠন কৰিবলৈ এআইইউডিএফৰ একমাত্ৰ বিজয়ী সদস্যগৰাকীৰ সহায় ল'ব লাগিব ৷ আৰু যদি বিজেপিয়ে জিলা পৰিষদখন গঠন কৰিবলৈ যায় তেন্তে দলটোৱে কংগ্ৰেছৰ দুগৰাকী সদস্যক দল ত্যাগ কৰাই বিজেপিত যোগদান কৰাব লাগিব ৷

জিলা বিজেপিৰ এক গোপন সূত্ৰৰ খবৰ মতে, দলটোৱে যমুনামুখ সমষ্টিৰ তিনিগৰাকী নৱনিৰ্বাচিত জিলা পৰিষদ সদস্যক নিজৰফলীয়া কৰিবলৈ চেষ্টা চলাই আছে ৷ সেই চেষ্টাত দলটো বহুলাংশে সফল হোৱা বুলিও দাবীও কৰিছে ৷

১২খন আসনবিশিষ্ট হোজাই জিলা পৰিষদৰ অন্তৰ্গত লামডিং জিলা পৰিষদ আসনৰ পৰা বিজেপিৰ ৰিপণ দাস, ৰাণীপুখুৰী জিলা পৰিষদ সদস্য পদত বিজেপিৰ মমতা দাস জয়ী হৈছে ।

উদালি জিলা পৰিষদৰ সদস্য পদত  কংগ্ৰেছৰ ইছমাইল আলী, কাঁকী জিলা পৰিষদত কংগ্ৰেছৰ জুন্তী বৰা জয়ী হয় ৷ হোজাই সমষ্টিৰ ৰাজবাৰী জিলা পৰিষদ সদস্য পদত বিজেপিৰ ৰমাবালা দেৱী, ভালুকমাৰী জিলা পৰিষদত বিজেপিৰ ৰুমা দে', ইছলাম নগৰ জিলা পৰিষদত এআইইউডিএফ দলৰ পাৰুল চুলতানা আৰু পদুমপুখুৰী জিলা পৰিষদত বিজেপিৰ নিতাই মালাকাৰ জয়ী হৈছে ৷

যমুনামুখ সমষ্টিৰ চাৰিওখন জিলা পৰিষদ আসন কংগ্ৰেছৰ দখললৈ যায় ৷ সমষ্টিটোৰ ডবকা জিলা পৰিষদত নুৰ আহমেদ, নীলবাগান জিলা পৰিষদত নেৱাজ উদ্দিন চৌধুৰী, মোৰাঝাৰ জিলা পৰিষদত ৰেজিয়া চুলতানা আৰু চৌধুৰী বজাৰ জিলা পৰিষদত জ্যেষ্ঠ কংগ্ৰেছ নেতা মাহমুদ হুছেইনৰ পুত্ৰ কামাল উদ্দিন ফাৰুকী বিজয়ী হয় ৷

হোজাই জিলা পৰিষদৰ অধ্যক্ষৰ আসনখন মহিলাৰ বাবে সংৰক্ষিত হ'ব নেকি তাক লৈও চলিছে জল্পনা-কল্পনা ৷ নৱগঠিত হোজাই জিলা পৰিষদৰ অধ্যক্ষৰ আসনখন মহিলাৰ বাবে সংৰক্ষিত হ'লে কংগ্ৰেছ দলে যমুনামুখ সমষ্টিৰ প্ৰভাৱশালী মহিলা নেত্ৰী ৰেজিয়া চুলতানাক প্ৰক্ষেপ কৰিব পাৰে ৷

ৰেজিয়া চুলতানা অধ্যক্ষ হ'লে এআইইউডিএফৰ একমাত্ৰ নিৰ্ণায়ক ভোটটো তেওঁৰ সপক্ষে যাব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ৷ ইপিনে শাসক পক্ষই কংগ্ৰেছৰ সেই সপোন মষিমূৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰে ৷

এক ভিতৰুৱা উৎসৰ খবৰ মতে, বিজেপি দলে ৰাজনৈতিক প্ৰভাৱ খটুৱাই হোজাই জিলা পৰিষদৰ আসনখন অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিবলৈ চেষ্টা চলাইছে ৷ সেই চেষ্টাত শাসক পক্ষ সফল হ'লে কংগ্ৰেছ দলৰ জিলা পৰিষদ গঠনৰ অংক, সপোন ধূলিসাৎ হ'ব ৷

Your Comments