বঙাইগাঁৱত বিজেপিৰ বিজয় উৎসৱ : জিলা পৰিষদ গঠনত অগপৰ সহযোগী হোৱাৰ আশা

বঙাইগাঁৱত বিজেপিৰ বিজয় উৎসৱ : অগপৰ সহযোগত জিলা পৰিষদ গঠনৰ আশাবাদী

সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ দলীয় প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ‍্যে আজি বিজেপিৰ বঙাইগাঁও জিলা সমিতিৰ উদ‍্যোগত উত্তৰ বঙাইগাঁওস্থিত জিলা পুথিভঁৰাল প্ৰাংগণত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে দলৰ সাফল্যৰ বাবে বিজয় উৎসৱ উদ্‌যাপন কৰে ৷

বঙাইগাঁৱত বিজেপিৰ বিজয় উৎসৱ : অগপৰ সহযোগত জিলা পৰিষদ গঠনৰ আশা

জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সদস্য তথা দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যিক পৰ্যবেক্ষক নিকুঞ্জ দাস, ৰাজ্যিক সদস্য অনিল দাস, ৰাষ্ট্ৰীয় পৰিষদীয় সদস্য হেমগিৰি কোচ, ৰাজ্যিক পৰিষদীয় সদস্য মনোৰঞ্জন গোস্বামী, অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ৰুমী গোস্বামী, জিলা পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক কৌস্তৱ দাস, জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্জ্বল কান্তি ৰায় আদি উপস্থিত থাকে ৷

অনুষ্ঠানত পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা জিলাখনৰ বাঘমাৰা চৌৰাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত সদস্য ৰকিউল খান আৰু আচমত আলীৰ লগতে চক্ৰভৌম গাঁও পঞ্চায়তৰ সদস্য দীপক কুমাৰ আৰ্যই আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷

উল্লেখ্য যে অনুষ্ঠানত বিজেপি দলৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা দুগৰাকী জিলা পৰিষদৰ সদস্য, ১৩গৰাকী গাঁও পঞ্চায়তৰ সভাপতি, ১১গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১৩৬গৰাকী গাঁও পঞ্চায়তৰ সদস্যক সম্বৰ্ধনা জনোৱা হয় ৷

বঙাইগাঁৱত বিজেপিৰ বিজয় উৎসৱ : অগপৰ সহযোগত জিলা পৰিষদ গঠনৰ আশা

ইপিনে জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজয় উৎসৱ উদ্‌যাপন কৰাৰ মূল উদ্দেশ্য হ'ল দলীয় সকলো কৰ্মীকে উৎসাহিত কৰা আৰু সকলো ভোটাৰ ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰা ৷

জিলা সভাপতিগৰাকীয়ে লগতে কয় যে বিজেপিয়ে জিলাখনত দলটোৰ যিখিনি সাংগঠনিক ভেটি আৰু স্থিতি তাৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু আমি আকাংক্ষিত ফলাফলো পাইছো ৷

অৱশ্যে বঙাইগাঁও বিধানসভা সমষ্টিত অৰ্থাৎ ডাংতল মণ্ডলত দলটোৱে আকাংক্ষিত ফলাফল লাভ কৰাত কিছু কম হৈছে যদিও জিলাখনৰ উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিত আমি আকাংক্ষিত ফলাফল এশ শতাংশই পাইছো ৷

অগপৰ দুৰ্গত বিজেপিয়ে খোপনি পুতিবলৈ সমক্ষ হোৱা বুলিও মন্তব্য কৰি জিলা বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বঙাইগাঁও বিধানসভা সমষ্টিতহে কেৱল অগপৰ সাংগঠনিক স্থিতি সবল যদিও উত্তৰ আৰু দক্ষিণ অভয়াপুৰী সমষ্টিত সাংগঠনিক স্থিতি একেবাৰে নাই ৷

সেইদৰে ফণীভূষণ চৌধুৰী অগপৰ এজন পুৰণি নেতা আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি একেৰাহে ৩৫ বছৰৰ বাবে নিৰ্বাচিত প্ৰতিনিধি হৈ আছে আৰু মন্ত্ৰীত্বও পাইছে ৷

বঙাইগাঁৱত বিজেপিৰ বিজয় উৎসৱ : অগপৰ সহযোগত জিলা পৰিষদ গঠনৰ আশা

কিন্তু তৎসত্ত্বেও আমি বিজেপি দলে তেওঁৰ জিলাত আঘাত হানিছো আৰু তেওঁৰ সমষ্টিতো আঘাত হানিছো ৷ ইপিনে বঙাইগাঁও জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত বিজেপি দলৰ ভূমিকা কেনে হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত্তোৰত সভাপতি ৰায়ে কয় যে জিলা পৰিষদ গঠন কৰিবলৈ সাতখন আসন লাগে ৷ কিন্তু যিহেতু অগপই জিলা পৰিষদৰ পাঁচখন আসন পাইছে আৰু আমি বিজেপিয়ে দুখন আসন পাইছো, সেয়ে নিশ্চয়কৈ অগপই জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত বিজেপিৰ লগতে যোগাযোগ কৰিব বুলি আশাবাদী বুলি কয় ৷

ইতিমধ্যে বিষয়টো সন্দৰ্ভত ৰাজ্যিক বিজেপিক জিলা বিজেপিৰ তৰফৰ পৰা জনোৱা হৈছে বুলিও কয় ৷ অৱশ্যে অগপৰ লগত এই বিষয়ত আনুষ্ঠানিক কথা-বতৰা হোৱা নাই যদিও বিজেপি আশাবাদী বুলিও কয় ৷

সভাপতিগৰাকীয়ে আৰু কয় যে অগপই যদি বিজেপিৰ লগ়ত লগ হৈ জিলা পৰিষদ গঠন কৰে, তেতিয়াহ'লে এইক্ষেত্ৰত বিজেপিৰ জিলা সমিতিৰ একো ক'বলগীয়া নাই আৰু যদি বিজেপিৰ সৈতে লগ হৈ জিলা পৰিষদ গঠন নকৰে তেতিয়াহ'লেও আমাৰ আপত্তি কৰিবলগীয়া নাই ৷

আনহাতে, অগপই পূৰ্বে যিহেতু এআইইউডিএফৰ সৈতে লগ হৈ বঙাইগাঁও জিলা পৰিষদ গঠন কৰিছিল, সেয়ে এইবাৰো এআইইউডিএফৰ সৈতে অগপই জিলা পৰিষদখন গঠন কৰিব পাৰে নেকি বুলি সাংবাদিকে সোধাত জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ে কয় যে এইবাৰ যিহেতু বিজেপি-অগপৰ মিত্ৰতা চলি আছে আৰু এতিয়ালৈকে মিত্ৰতা ভংগ হোৱা নাই, সেয়ে মিত্ৰতা চলি থকা অৱস্থাত সেয়া সম্ভৱ নহয় ৷

Your Comments