নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ বিষয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া ৰাইজৰ ৰোষত পৰি একাংশ বহুবল্কীয়ে ৰাজহুৱা ক্ষমাভিক্ষা খোজাৰ লগতে ৰঙাঘৰত সোমাবলগীয়া হোৱাৰ পিছতো যেন শিক্ষা হোৱা নাই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ৷
নিজৰ ৰাজনৈতিক বক্তব্যৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক টানি আনি অতি বিতৰ্কিত তথা টুলুঙা মন্তব্য দি এতিয়া গুৰুজনাৰ জন্মস্থান, দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান তথা ৰাজ্যবাসীৰ ৰোষত পৰি তিৰস্কাৰৰ সন্মুখীন হৈছে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আৱাল ৷
'জাহা জাহা মুছলমান তাহা তাহা কংগ্ৰেছ'- কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰিবলৈ গৈ নিজৰ বিতৰ্কিত সাম্প্ৰদায়িক ৰাজনৈতিক মন্তব্যক যথাৰ্থতা প্ৰদান কৰিবলৈ গৈ মহাপুৰুষ শঙ্কৰদেৱৰ নামটো সাঙুৰি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিছিল-'শঙ্কৰদেৱে কৈছিল, জাহা জাহা পানী তাহা তাহা মাছ, আৰু এতিয়া শঙ্কৰদেৱ থকা হ'লে ক'লেহেঁতেন 'জাহা জাহা মুছলমান, তাহা তাহা কংগ্ৰেছ ৷'
শনিবাৰে মমিনুল আলমৰ এই বিতৰ্কিত বক্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই মুখপাত্ৰগৰাকীৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ছ'চিয়েল মিডিয়াত ৷ ফেচবুকত হাজাৰ হাজাৰ লোকে এনেদৰে দায়িত্বজ্ঞানহীনভাৱে গুৰুজনাক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যৰ বাবে মমিনুল আৱালক সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে একাংশই বিজেপি নেতাগৰাকীৰ জ্ঞাণৰ পৰিধিক লৈ তীব্ৰ শব্দবাণেৰে অতি ব্যংগভাৱে ইতিকিং কৰা পৰিলক্ষিত হয় ৷
বিজেপি দলৰ মুখপাত্ৰ তথা সংখ্যালঘূ উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে অসমীয়া জাতিৰ শিৰৰ মুকুটস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গুৰুজনাৰ জন্মস্থানৰ ভকত-বৈষ্ণৰ-আইমাতৃ তথা সত্ৰবাসী ৷ সকলোৱে একেমুখে মমিনুল আৱালক গৰিহণা দিয়াৰ লগতে গুৰুজনাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰিছে ৷
বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৱালৰ বক্তব্যক চূড়ান্ত দায়িত্বহীন, জ্ঞানশূন্যহীন বুলি আখ্যা দি ৰাজনৈতিক কথাত গুৰুজনাক টানি অনা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ভোগেশ্বৰ বৰাই সংবাদ মাধ্যমক কয় যে 'পৰমপুৰুষে দি থৈ যোৱা আমাৰ প্ৰকৃত ঐতিহ্য-সৌধক আক্ৰমণ কৰি তথা বক্তোক্তি কৰি বিজেপিৰ নেতা মমিনুল আৱালে আগবঢ়োৱা অতি বিতৰ্কিত বক্তব্যই গুৰুজনাৰ প্ৰকৃত পৰিচয় তথা ভাবমূৰ্তিত আঘাত হনা কাৰ্য আমাৰ অসমীয়া জাতিটোৰ বাবেই অতি দুৰ্ভাগ্যৰ বিষয় ৷'
কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু কয় যে 'শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে, বৈষ্ণৱ গুৰুসকলৰ বিষয়ে তথা বৰদোৱা থানখনৰ বিষয়ে পুংঙ্খানুপুংখ অধ্যয়ন নকৰাকৈ অনাগত সময়ত সংশ্লিষ্ট সকলোৱে যাতে কোনো মন্তব্য নকৰে তাৰবাবে আহ্বান জনোৱা হৈছে ৷'
শঙ্কৰী সাহিত্যৰ গৱেষক, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি ডঃ নৰেণ কলিতাই মমিনুল আৱালৰ বক্তব্যক অতি দুৰ্ভাগ্যজনক আখ্যা দি অসমীয়া কলা-সংস্কৃতি-সাহিত্য সম্পৰ্কে সাধাৰণ জ্ঞানকণো নথকা বাবেই শাসকীয় দলটোৰ মুখপাত্ৰ, সংখ্যালঘু নেতাজনে এনে গৰ্হিত মন্তব্য প্ৰদান কৰিছে বুলি অতি আক্ষেপেৰে কয় ৷
অসমীয়া জাতিৰ পৰমপূজ্য মহাপুৰুষজনাক নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি তেওঁ সমগ্ৰ অসমীয়া জাতিসত্তাকেই অপমান কৰা বুলি মন্তব্য কৰি বৈষ্ণৱ পণ্ডিতগৰাকীয়ে আৰু কয় যে এনে কাৰ্যৰ বাবে সংখ্যালঘু নেতাজনে গুৰুজনাৰ শ্ৰীচৰণত শিৰ নত কৰি ক্ষমা ভিক্ষা খুজিব লাগে ৷
জাতি-মাতি-ভেটিৰ কথা কোৱা অসমৰ মুখ্য মন্ত্ৰীয়ে দলৰ এনেবোৰ নেতাক সময় থাকোতেই নিয়ন্ত্ৰণ নকৰিলে দলটোৰ প্ৰতি ৰাইজৰ আস্থা নিশ্চিতভাৱে কমিব বুলি ডঃ কলিতাই সংবাদমাধ্যমৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে ৷
বটদ্ৰৱা থানতে অসমীয়াৰ আত্মাটো লুকাই থকা বুলি কৈ বিগত বিধানসভা নিৰ্বাচনত অসমীয়া ৰাইজৰ মাজত আৱেগৰ ঢৌ তুলি ৰাজপাটত বহা তথা বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সামৰি বটদ্ৰৱা থানত সাস্তাংগে সেৱা লোৱা জাতি-মাটি-ভেটিৰ প্ৰতি দায়বদ্ধ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া অসমীয়া জাতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা মহাপুৰুষ গুৰুজনাক বিতৰ্কিত মন্তব্য অপমান কৰা নিজ দলৰ মুখপাত্ৰ মমিনুল আৱালক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই ৷
মহাপুৰুষ দুজনাৰ লগতে বৈষ্ণৱ গুৰুসকলক নাম ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যক আছুৱে কোনো কাৰণতে সহ্য নকৰে বুলি উল্লেখ কৰি মমিনুল আৱালক তেওঁ কৰা মন্তব্য বাবে গৰিহণা দি ভৱিষ্যতে সাৱধান হ"বলৈও সকীয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ৷
অসমৰ জাতীয় জীৱনৰ পুৰোধা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক লৈ যোগগুৰু ৰামদেৱৰ ব্যৱসায়িক এজেণ্ট সতীলাল বাৰালে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে গুৰুজনাক লৈ কৰা চূড়ান্ত দায়িত্বজ্ঞানহীন, বিতর্কিত তথা উপলুঙাসূচক মন্তব্যই গুৰুজনাৰ জন্ম জিলা সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
জিলাখনৰ বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ লগতে নানা দল-সংগঠন তথা ব্যক্তি বিশেষে গুৰুজনা সম্পৰ্কে বিজেপিৰ মুখপাত্ৰজনে কৰা মন্তব্যক একেমুখে গৰিহণা দিয়াৰ লগতে চিৰনমস্য জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তিলমানো জ্ঞান নথকাৰ বাবেই বিজেপিৰ বহুবল্কী নেতাগৰাকীয়ে আবোল-তাবোল বকিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
গুৰুজনাক অসন্মানজনকভাৱে নিজৰ ৰাজনৈতিৰ স্বাৰ্থত ব্যৱহাৰ কৰি চূড়ান্ত গৰ্হিত তথা জ্ঞানশূন্য কাৰ্য কৰা মমিনুল আৱালক অসমবাসীৰ ওচৰত শীঘ্ৰে ক্ষমা খুজিবলৈ সকলোৱে দাবী জনাইছে ৷
- Log in to post comments
- 36 views