নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ তথা নগাঁও জিলাৰ জামুগুৰি-কুঁজীডাহ গাঁও পঞ্চায়তত সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণৰূপে ধুলিসাৎ হ'ল কংগ্ৰেছ দল ।
বিগত নিৰ্বাচনসমূহত কংগ্ৰেছ দলৰ দুৰ্গৰূপে পৰিচিত পঞ্চায়তটোত এইবাৰ ভোটাৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বিপক্ষে ভোটদান কৰি বিজেপি আৰু অগপ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰায় ।
মূলত: বিগত সময়ত পঞ্চায়তখনত কংগ্ৰেছী প্ৰতিনিধিকেইজনে চলোৱা ব্যাপক দুৰ্নীতিৰ বাবেই ৰাইজে এইবাৰ নিৰ্বাচনত প্ৰত্যাখ্যান কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ।
পঞ্চায়তটোৰ সভাপতি পদত ৰাইজে নিৰ্বাচন কৰে অসম গণ পৰিষদ দলৰ যুৱনেতা তথা হাতীচোং মৌজাৰ মৌজাদাৰ বিমল বৰাৰ পুত্ৰ কৌস্তভজ্যোতি বৰাক ।
প্ৰায় ৪ শতাধিক ভোটৰ ব্যৱধানত বিজেপি সমৰ্থিত প্ৰাৰ্থী মনোৰঞ্জন নাথক পৰাভূত কৰে অগপ প্ৰাৰ্থী কৌস্তভজ্যোতি বৰাই । কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীগৰাকী তৃতীয় স্থানতে ক্ষান্ত থাকিবলগা হয় ।
আনহাতে, পঞ্চায়তটোৰ পৰা আঞ্চলিক সদস্য পদত জয়ী হয় বিজেপি সমৰ্থিত প্ৰাৰ্থী তথা প্ৰভাৱশালী নেতা ভদ্ৰ বৰা । ভদ্ৰ বৰাই ১,৭৭২টা ভোট লাভ কৰাৰ বিপৰীতে অগপ দলৰ প্ৰাৰ্থী দুল গোস্বামীয়ে ৮১৬টা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী অৰুণ দাসে মাথোঁ ৭০৭টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।
তদুপৰি, পঞ্চায়তটোৰ ১০টা ৱাৰ্ডৰ ৯টাতে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ লগতে এটা ৱাৰ্ডত জয়ী হয় অগপ সমৰ্থিত প্ৰাৰ্থী । উল্লেখ্য যে বিগত পঞ্চায়তখনত সভাপতি আৰু আঞ্চলিক সদস্য পদ দুটা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দখল কৰিছিল ।
সমান্তৰালকৈ ১০টা ৱাৰ্ডৰ সৰহসংখ্যক আসনতে বিজয়ী হৈছিল কংগ্ৰেছ দলৰ প্ৰাৰ্থী । পিছে সদ্যঘোষিত নিৰ্বাচনত পঞ্চায়তটোত কংগ্ৰেছ দলৰ এজনো প্ৰাৰ্থী জয়ী হ'ব নোৱাৰা বিষয়টোৱে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ বিতুষ্টতাকে প্ৰতীয়মান কৰিলে ।
- Log in to post comments
- 31 views