মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলে জিলা পৰিষদ দখল কৰাৰ পিছতেই এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আঞ্চলিক পঞ্চায়ত দখলৰ হিচাপ-নিকাচ । ঘোষিত ফলাফল অনুসৰি জিলাখনৰ ৮৫টা আঞ্চলিক সদস্য পদত বিজেপিয়ে ৩১টা, কংগ্ৰেছে ৩৯টা, অগপই ৩টা, এ আই ইউ ডি এফে ৬টা আৰু নিৰ্দলীয়ই ৬টাত জয়লাভ কৰিবলৈ সক্ষম হৈছে ।
এই আঞ্চলিক সদস্য পদসমূহৰ ভিতৰত জিলাখনত আছে ৫টাকৈ আঞ্চলিক পঞ্চায়ত । জাগীৰোড বিধানসভা সমষ্টিৰ ২৭টা আঞ্চলিক সদস্য পদেৰে গঠিত মায়ং আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰাটো নিশ্চিত হৈ পৰিছে । ফলাফল অনুসৰি বিজেপিয়ে ১৯টা, কংগ্ৰেছে ৭টা আৰু অগপই এটাত জয়লাভ কৰিছে ।
মৰিগাঁও বিধানসভা সমষ্টিৰ ১৩টা আঞ্চলিক সদস্য পদেৰে গঠিত ভূৰবন্ধা আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰাটো নিশ্চিত হৈ পৰাৰ বিপৰীতে কপিলি আঞ্চলিক পঞ্চায়ত গঠনত সৃষ্টি হৈছে এক অথন্তৰ ।
৮টা আঞ্চলিক সদস্য পদেৰে গঠিত কপিলি আঞ্চলিক পঞ্চায়তত বিজেপি ৪টা আৰু কংগ্ৰেছে ৪টাত জয়ী হৈ সমসংখ্যক আসন লাভ কৰাত কপিলি আঞ্চলিক পঞ্চায়ত কোনে গঠন কৰিব তাকে লৈ চিন্তিত কৰি তুলিছে ৰাজনৈতিক দলসমূহক ।
ইফালে ভূৰবন্ধা আঞ্চলিক পঞ্চায়তত বিজেপিয়ে ২খন আসনত জয়ী হ'লেও মিত্ৰ দল জাতীয় ঐক্য মঞ্চই লাভ কৰিছে ৫খন আসন । অগপ আৰু নিৰ্দলীয়ই এখনকৈ আসন লাভ কৰাত কংগ্ৰেছ-বিৰোধী দলৰ আসনৰ সংখ্যা ৯খন হোৱাৰ বিপৰীতে কংগ্ৰেছৰ আসনৰ সংখ্যা হয় ৪খন । একেদৰে মৈৰাবাৰী আঞ্চলিক পঞ্চায়তত গৰিষ্ঠসংখ্যক সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাত কংগ্ৰেছ দলে আঞ্চলিক পঞ্চায়ত গঠন কৰাটো নিশ্চিত হৈ পৰিছে ।
ইফালে লাহৰীঘাট আঞ্চলিক পঞ্চায়ত গঠনত সৃষ্টি হৈছে চৰম অথন্তৰ । কংগ্ৰেছ আৰু বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাত লাহৰীঘাট আঞ্চলিক পঞ্চায়ত গঠনত এ আই ইউ ডি এফ দলে নিৰ্ণায়ক ভূমিকা লোৱাটো নিশ্চিত হৈ পৰিছে ।
কিয়নো কংগ্ৰেছ দলে গঠন কৰিবলগা হ'লেও এ আই ইউ ডি এফৰ সমৰ্থন লাগিব আৰু বিজেপিয়ে গঠন কৰিবলগা হ'লেও এ আই ইউ ডি এফৰ সমৰ্থন লাগিব । লাহৰীঘাটত সৃষ্টি হোৱা এই জটিল সমীকৰণে প্ৰকাৰন্তৰে কংগ্ৰেছ আৰু বিজেপিক চিন্তিত কৰি তুলিছে ।
- Log in to post comments
- 22 views