গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ গোলাঘাটত কালি সফল সমাপ্তি হয় । গোলাঘাট পুলিবৰ ছোৱালী পলিটেকনিক কমপ্লেক্সত অনুষ্ঠিত গণনাত মূলতে কংগ্ৰেছ আৰু শাসনাধিষ্ঠিত বিজেপি দলৰ মাজতে যুঁজখন হোৱা দেখা যায় ।
গোলাঘাট জিলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ মুঠ ১০২খন আসনৰ ভিতৰত বিজেপিয়ে ৪১খন, কংগ্ৰেছে ৩১, অগপই ১৭ আৰু অন্যান্য দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱাৰ লগতে আঞ্চলিক পঞ্চায়তৰ মুঠ সদস্য সংখ্যা ১০২ৰ ভিতৰত বিজেপিয়ে ৪৩, কংগ্ৰেছে ৩৩, অগপই ১৫ আৰু অন্যান্য দলে এখনো আসন লাভ নকৰে ।
আনহাতে, জিলা পৰিষদৰ ১৭খন আসনৰ ভিতৰত বিজেপিয়ে ৯ আৰু কংগ্ৰেছে ৮খন আসন লাভ কৰাৰ বিপৰীতে অগপ আৰু অন্যান্য দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল ।
কংগ্ৰেছ, বিজেপি দলৰ মাজত হোৱা মূল যুঁজখনত জিলা পৰিষদত নিশাৰ ভাগলৈ মৰঙীৰ বিজেপি প্ৰাৰ্থী পূৰৱী শৰ্মা বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।
বিজেপিৰ খুমটাই জিলা পৰিষদত মুনীন্দ্ৰ মোহন গগৈ, ৰঙামাটিত ৰঞ্জিত খণ্ডাইত, দক্ষিণ হেঙেৰাত ধৰিত্ৰী খাউণ্ড, কঁঠালগুৰিত অৰুণ গগৈ, ব্ৰক্ষ্মপুত্ৰত হেলিনা পেগুৰ লগতে কংগ্ৰেছৰ দেৰগাঁও জিলা পৰিষদত নিজৰা বৰুৱা, ৰতনপুৰ ৰমিলা দাং, ৱাটিংৰ লোহিত গগৈ, আঠগাঁও জিতেন বৰুৱা, দৈয়াঙৰ অৰুণ ৰাজবংশী, নৱজ্যোতিৰ সবিতা নাৰ্জাৰি জয়ী হয় ।
বিগত দিনত ভোট গণনা কাৰ্য নিৰ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘণ্টা পলমকৈ অনুষ্ঠিত হৈছিল যদিও কালি নিশাৰ ভাগলৈ সুকলমে সকলো গণনা কাৰ্যৰ সফল সমাপ্তি ঘটে ।
যদিও গোলাঘাট আঞ্চলিকতাবাদী দল অগপৰ জন্মস্থান আছিল, অগপৰ শোচনীয় অৱস্থাই কিন্তু দলটোৰ সাংগঠনিক দুৰ্বলতাক পুনৰ প্ৰমাণ কৰা বুলি সচেতন মহলে উদ্বেক প্ৰকাশ কৰাৰ লগতে আঞ্চলিকতাবাদৰ ভেঁটি উচন হোৱা বুলিও সৰৱ চৰ্চা চলিছে ।
- Log in to post comments
- 14 views