আঞ্চলিকতাবাদী ৰাজনীতিৰ অক্ষত দুৰ্গ হিচাপে চিহ্নিত নামনি অসমৰ বঙাইগাঁৱত অগপ দলে পঞ্চায়ত নিৰ্বাচনত বিজয়ধাৰা অব্যাহত ৰাখি পুনৰ শক্তি দেখুৱাবলৈ সক্ষম হৈছে ৷
আনকি অগপৰ হাতীৰ গচকত ধৰাশায়ী হৈ পৰিছে কংগ্ৰেছ দলৰ লগতে অগপৰ মিত্ৰ দল বিজেপি ৷ বঙাইগাঁও মহকুমাৰ অন্তৰ্গত চাৰিখন জিলা পৰিষদ সদস্য আসনৰ চাৰিওখন আসনেই অগপ দলে দখল কৰিবলৈ সক্ষম হৈছে ৷
সেইদৰে মহকুমাটোৰ ১৬ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনৰ ভিতৰত ১৪ খন আসন আৰু ১৬ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ১৬ খন আসনৰ ভিতৰতো ১৪ খন আসনেই অগপ দলে নিজৰ দখল কৰি দলৰ বিজয় ধ্বজ্বা উৰুৱাইছে ৷
উল্লেখ্য যে অগপ দলৰ এই বৃহৎ সাফল্যৰ মূলতে আছে বঙাইগাঁও সমষ্টিৰ অগপ বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ ৰাজনৈতিক বিচক্ষণতা, ৰণনীতি তথালৰাইজৰ মাজত থকা তেঁৱৰ জনপ্ৰিয়তা ৷
কাৰণ বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে বিজেপি দলৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল যদিও দলটোক বিশেষ লাভাম্বিত কৰিব নোৱাৰিলে ৷
স্থানীয় বিধায়ক ফনীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি বিজেপি দলৰ নেতাগৰাকীৰ লগতে দলটোৰ আন এগৰাকী নেতাইও দলটোৰ হৈ প্ৰচাৰ চলাই গৈছিল যদিও অগপ দলৰ ক্ষতি কৰিবলৈ সক্ষম নহ'ল ৷ কংগ্ৰেছ দলৰো ৰাজ্যিক সভাপতি ৰিপুণ বৰা আদিয়ে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও কংগ্ৰেছ দলৰ লাভ হোৱাতকৈ এইবাৰ লকচানহে অধিক হ'ল ৷
পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে একপ্ৰকাৰ নতুনকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বঙাইগাঁও মহকুমাত ১ খন গাঁও পঞ্চায়তৰ সভাপতিৰ আসন আৰু এখন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন দখল কৰিবলৈ সক্ষম হোৱাটো দলটোৰ বাবে উৎসাহজনক হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কংগ্ৰেছ দলে যোৱাবাৰ লাভ কৰা আসনকেইখনৰ অধিকাংশই হেৰুৱাবলগীয়া হৈছে ৷
দলটোৰ দখলত যোৱাবাৰ ২ খন জিলা পৰিষদ আসন, ৬ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন আৰু ৫ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন আছিল যদিও এইবাৰ কেৱল এখন গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসন আৰু এখন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনহে দখল কৰিবলৈ সক্ষম হয় ৷ জিলা পৰিষদৰ দুয়োখন আসনেই হেৰুৱায় দলটোৱে ৷
ইয়াকেলৈ এতিয়া দলটোৰ নেতা - কৰ্মীসকলৰ মাজত হতাশাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ লগতে জিলা কংগ্ৰেছৰ সুদক্ষ নেতৃত্বৰ অভাৱৰ বাবেই এনে বিপৰ্যয় হোৱা বুলিও মন্তব্য কৰিছে দলৰ একাংশ কৰ্মীয়ে ৷ বিজেপি দলে প্ৰাৰ্থী থিয় কৰোৱাত অগপৰ ক্ষতি হোৱাৰ সলনি দলটোক লাভাম্বিতহে কৰিলে ৷ ক্ষতিগ্ৰস্থ হ'ল কংগ্ৰেছ ৷
উল্লেখ্য যে মহকুমাটোৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কালি পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী ভোট গণনা কেন্দ্ৰত আৰম্ভ হয় যদিও আজি পুৱা প্ৰায় ১০ বজাতহে সম্পূৰ্ণ ফলাফল ঘোষিত হয় ৷ ঘোষিত ফলাফল অনুসৰি মহকুমাটোৰ অন্তৰ্গত ১ নং ঢালিগাঁও জিলা পৰিষদ আসনত অগপৰ ৰঞ্জু সিংহই ( প্ৰাপ্ত ভোট ২,৮১২ টা) বিজেপি দলৰ প্ৰাৰ্থী দুৰ্গা দাস সূত্ৰধৰক ৭৩৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷
২ নং বিদ্যাপুৰ জিলা পৰিষদ আসনত অগপৰ ফাৰহানা সৰকাৰে ( প্ৰাপ্ত ভোট ১০,৩৪৯ টা) কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ছালিমা খাতুনক ১,৩৪৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷
সেইদৰে ৩ নং দোলাইগাঁও জিলা পৰিষদ আসনত অগপৰ ৰঞ্জিতা ৰায়ে ( প্ৰাপ্ত ভোট ৫,৩১৮ টা) কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধনশ্ৰী বসুমতাৰীক ১,৫৫০ টা ভোটৰ ব্যৱধানত আৰু ৪ নং বঙাইগাঁও জিলা পৰিষদ আসনত অগপৰ বিজয় কুমাৰ সিংহই ( প্ৰাপ্ত ভোট ১২,১৭২ টা) বিজেপিৰ ভুৱন দাসক ৭,৫৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি আসনকেইখন দখল কৰে ৷
ইপিনে ঘোষিত গাঁও পঞ্চায়ত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনৰ ফলাফল অনুসৰি ১ নং পোপৰাগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ অশোক কুমাৰ দেৱ (প্ৰাপ্ত ভোট ১,০৮৪টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ঘনকান্ত বৰ্মন ( প্ৰাপ্ত ভোট ১,১০০টা) , ২ নং চাপৰাকাটা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ ব্ৰজ মোহন ৰায় ( প্ৰাপ্ত ভোট ২,২৪৫ টা)
আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ৰেণু বড়ো ( প্ৰাপ্ত ভোট ২,২৭৪ টা) , ৩ নং দোলাইগাঁও গাঁও পঞ্চায়ত সভাপতি পদৰ আসনতবিদ্যুৎ জ্যোতি শৰ্মা ( প্ৰাপ্ত ভোট ১,৯৪৭টা) আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত অগপৰ প্ৰফুল্ল ৰায় ( প্ৰাপ্ত ভোট ২,২৭২ টা) , ৪ নং বঙাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদৰ আসনত অগপৰ তিলক নাৰায়ণ দেৱ ( প্ৰাপ্ত ভোট ১,৫৮১ টা)
আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত অগপৰ নীভা নাথ ( প্ৰাপ্ত ভোট ২,৫৩৭ টা) ,৫ নং ছিপনছিলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ সুবুংশ্ৰী নাৰ্জাৰী (প্ৰাপ্ত ভোট ১,৪২৬ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ কৃষ্ণা ৰাজবংশী ( প্ৰাপ্ত ভোট ১,৪৫৪ টা) , ৬ নং চোকাপাৰা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ বেলি বেলা ৰায় ( প্ৰাপ্ত ভোট ২,০৬৫ টা)
আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ৰত্না বালা ৰায় ( প্ৰাপ্ত ভোট ২,০০২টা) , ৭ নং নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত হিমানী দেৱী ( প্ৰাপ্ত ভোট ২,৮৭৯ টা) আৰু আঞ্চিক পঞ্চায়ত সদস্যৰ আসনত অগপৰ বংকিম চন্দ্ৰ নাথ ( প্ৰাপ্ত ভোট ২,৮৭৪ টা) , ৮ নং মূলাগাঁও গাঁও পঞ্চায়ত সভাপতি পদৰ আসনত অগপৰ কুহিলা সৰকাৰ ( প্ৰাপ্ত ভোট ৩,৩৩৩ টা)
আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ কেশৱ সিংহ ( প্ৰাপ্ত ভোট ৩,৪৩০ টা) , ৯ নং আটুগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদৰ আসনত অগপৰ দিলীপ সিংহ ( প্ৰাপ্ত ভোট ২,০৩০ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ কৃষ্ণা চৌধুৰী ( প্ৰাপ্ত ভোট ২,০৭১ টা) , ১০ নং বামুণীটিলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ দুৰ্গা প্ৰসাদ সৰকাৰ ( প্ৰাপ্ত ভোট ১,৮২২ টা)
আৰু আঞ্চালিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ মনোৱাৰ খান ( প্ৰাপ্ত ভোট ১,৮১২ টা) , ১১ নং চিকিবিকি গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ আছমা খাতুন ( প্ৰাপ্ত ভোট ১,২৬০ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ শৈলেন সৰকাৰ ( প্ৰাপ্ত ভোট ১,৩০৮ টা) , ১২ নংবিদ্যাপুৰ গাঁও পঞ্চায়ত সভাপতি পদৰ আসনত অগপৰ কুমাৰ জয়েশ নাৰায়ণ দেৱ ( প্ৰাপ্ত ভোট ৩,০৯৪ টা)
আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ জাহানাৰা বেগম ( প্ৰাপ্ত ভোট ৩,১৬১ টা) , ১৩ নং তিলকগাঁও গাঁও পঞ্চায়ত সভাপতি পদৰ আসনত অগপৰ মনোজ কুমাৰ বৰ্মন ( প্ৰাপ্ত ভোট ৮৫০ টা ) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ নিত্য গোপাল সৰকাৰ ( প্ৰাপ্ত ভোট ৮৬৫ টা)
আৰু ১৫ নং ডাংতল গাঁও পঞ্চায়ত সভাপতি পদত অগপৰ মহিলা সিংহ ( প্ৰাপ্ত ভোট ১,৪৫৮টা) আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত অগপৰ দয়মন্তী সিংহ ( প্ৰাপ্ত ভোট ১,৪৫৪ টা) বিজয়ী হৈছে ৷ আনহাতে ১৪ নং কাকাৰাগাঁও গাঁও পঞ্চায়ত সভাপতি পদত কংগ্ৰেছৰ ক্ষীৰোদ শীল ( প্ৰাপ্ত ভোট ১,৬২০ টা) আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত কংগ্ৰেছৰ মেহমুদা বেগম ( প্ৰাপ্ত ভোট ১,৭১৯ টা)
তথা ১৬ নং ঢালিগাঁও গাঁও পঞ্চায়ত সভাপতি পদৰ আসনত বিজেপিৰ মাখন ঘোষ ( প্ৰাপ্ত ভোট ১,৭৩১ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত বিজেপিৰ দিলীপ কুমাৰ ৰায় ( প্ৰাপ্ত ভোট ১,৯৪১টা) বিজয়ী হৈছে ৷
ইপিনে বঙাইগাঁও মহকুমাৰ অন্তৰ্গত ১৬ খন গাঁও পঞ্চায়তৰ ১৬০ খন সদস্যৰ আসনৰ ভিতৰত অগপই ১১০খন আসন আৰু পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা আন ৪ খন আসনসহ মুঠ ১১৪ খন আসন, কংগ্ৰেছ দলে ২৯ খন আসন, বিজেপি দলে ১৩ খন আৰু পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা আন ১ খন আসনসহ মুঠ ১৪ খন আসন, বিপিএফে বিনা প্ৰতিদ্বন্দ্বিতাৰে ১ খন আসন
আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২ খন আসন লাভ কৰিছে ৷ উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে বঙাইগাঁৱৰ গ্ৰামাঞ্চলত বিজেপিয়ে নিজ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ সুবিধা লাভ কৰিলে প্ৰাপ্ত আসনৰ জৰিয়তে ৷
কিন্তু বঙাইগাঁৱত অগপৰ ফনীভূষণ চৌধুৰীয়ে নিজ দলৰ সাংগঠনিক ভেঁটি কিমান সুদৃঢ় সেয়া এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে পুনৰবাৰ প্ৰামাণিত কৰি দেখুৱালে ৷ দলটোৰ প্ৰৰ্থীসকল সংখ্যালঘু এলেকাতো বিজয়ী হৈছে ৷
- Log in to post comments
- 51 views