নগাঁৱৰ পৰা ৱাহিদুদ জামান
চামগুৰি সমষ্টি আৰু নিৰ্বাচনী হিংসা যেন এক পৰম্পৰাত পৰিনত হৈছে। নিৰ্বাচন অনুষ্ঠিত হলেই নিৰ্বাচনী হিংসাত্মক ঘটনাই প্ৰায়েই উত্তাল কৰি তোলা নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতো মাৰ যোৱা নাই তীব্ৰ নিৰ্বাচনী হিংসাৰ ঘটনা।
পূৰ্বে কংগ্ৰেছীয়ে প্ৰায়ে মষ্টিটোত মাৰপিট, গুণ্ডাৰাজ আৰু এই মাফিয়াগিৰি চলাই ত্ৰাস সৃষ্টি কৰি আহিছিল যদিও এইবাৰ সমষ্টিটোত আৰম্ভ হৈছে বিজেপিৰ নেতাৰ ত্ৰাস
ইতিপূৰ্বেই চলিত পঞ্চায়ত নিৰ্বাচনত কেবাটাও হিংসাত্মক ঘটনাই উত্তাল কৰি তোলাৰ পাছত আজি কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ বাবে নিজৰ দুই ভাতৃৰ দ্বাৰা আক্ৰমণৰ বলি হব লগা হল- এগৰাকী কংগ্ৰেছ কৰ্মী।
জানিব পৰা মতে,আজি বিয়লি চামগুৰিৰ বাজিয়াগাঁৱৰ নুৰ জামালে কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ বাবে তেওঁৰ ভাতৃদ্বয় ক্ৰমে আব্দুল হাই আৰু নুৰ জামালে চোকা অস্ত্ৰৰে অতি নৃশংস ভাৱে আক্ৰমণ কৰে।
এই আক্ৰমণত নুৰ জামাল গুৰুত্বৰ ভাবে আহত হয়। আহত নুৰ জামালক ততাতৈয়াকৈ স্হানীয় চিকিৎসালয়ত ভৰ্তি কৰায় পাছত চিকিৎসকে তেওঁক নগাঁৱলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে নুৰ জামালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে।
জানিব পৰা মতে, নুৰ জামালৰ বৰ্তমান অৱস্থা অতি সংকটজনক। এই ঘটনাৰ পিছত আঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
- Log in to post comments
- 7 views