বিজেপিৰ মিত্ৰজোঁট চৰকাৰত ভাঙণ আসন্ন নেকি? অগপই মুকলি বিৰোধীতাৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰৰ আন এক মিত্ৰ দল বিপিএফৰ ভূমিকা কি হ'ব? বিপিএফ দলেও বিজেপিৰ সঙ্গ এৰিব নেকি? এনেবোৰ কথাই সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰখাৰ সময়তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দুই মিত্ৰ দল অগপ আৰু বিপিএফে মুকলিকৈয়ে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধাচৰণ কৰি অগপ বা বিপিএফ প্ৰাৰ্থীৰ সমৰ্থন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷
কৰবাত যদি অগপ প্ৰার্থীৰ সমৰ্থনত বিপিএফ দলৰ নেতা-কৰ্মীয়ে প্ৰচাৰ চলাইছে আন কৰবাত আকৌ বিপিএফ সমৰ্থিত প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ অগপ নেতা-কৰ্মীয়ে নামি পৰিছে৷ আমাৰ হাতত পৰা এক তথ্য মতে নামনি অসমৰ কেইবাটাও বিজেপিৰ দখলত থকা সমষ্টিত বিপিএফৰ একাংশ নেতা-কৰ্মী বিজেপি দলৰ বিৰোদ্ধে মুকলি কৈয়ে অগপৰ প্ৰাৰ্থী নাইবা কোনো নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নামি পৰিছে৷
কেইদিনমান পূৰ্ৱে আকৌ বিজেপিৰ দখলত থকা ৰঙিয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অগপ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ বৈশ্যৰ লগত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিএডি চৰকাৰৰ ইএম মহেশ্বৰ বসুমতীৰীয়েও মুকলি কৈয়ে অগপৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অগপৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাইছে৷
ঠিক সেইদৰে কমলপুৰ সমষ্টিতো একাংশ বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিবলৈ অগপ নেতা-মন্ত্ৰীয়ে আহ্বান জনোৱাৰ বিপৰীতে অগপৰ প্ৰাৰ্থীক বিপিএফয়ে ভোট দিবলৈ আহ্বান জনোৱা কথাটোৱেই বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ অগপ, বিজেপি দুয়ো দলৰ নেতৃত্বই ৰাজ্যৰ নিৰ্বাচনী সভা-সমিতিবোৰত ইটোৱে-সিটোক ভীস্ম, কৰ্ণ, অৰ্জুন, অভিমুন্য আদি অভিধাৰে ইতিকিং কৰি অহাৰ সময়তে মিত্ৰজোঁট চৰকাৰখনৰ অন্যতম অংশীদাৰ বিপিএফ দলেও বিজেপিৰ সমৰ্থনত নাথাকি এনেদৰে মুকলিকৈয়ে অগপৰ পক্ষ লোৱা কথাটোৱে আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণৰ ইংগিতো হ'ব পাৰে বুলি এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে৷
কোনো আনুষ্ঠানিক মিত্ৰতা ঘোষণা নকৰাকৈয়ে শাসকীয় চৰকাৰৰ দুই মিত্ৰ আঞ্চলিক ৰাজনৈতিক দলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা কথাটোৱেই নিসন্দেহে বিজেপি দলক অস্বস্থিত পেলাইছে৷ সৰ্বভাৰতীয় ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনাই ৰাজ্যৰ দুই শক্তিশালী আঞ্চলিক ৰজনৈতিক দলে এনেদৰে মিলিত হোৱা কথাটোৱে ৰাজ্যৰ আঞ্চলিকতাবাদী শিবিৰত বিশেষ উৎসাহ বোৱাই আনিছে৷
- Log in to post comments
- 338 views