ডিমৌৰ গ্ৰেণেড বিস্ফোৰণ : ব্যৱসায়ী কমল আগৰৱালাৰ মৃত্যু

সংক্ষিপ্ত খবৰ

শিৱসাগৰৰ ডিমৌত আজি সন্ধিয়া ৫.০৫ বজাত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণক মৃত্যুৰ সংখ্যা বৃদ্ধি পালে দুজনলৈ । ডিব্ৰুগৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় বিস্ফোৰণ সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী কমল আগৰৱালা ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ঘটনাস্থলীতে মৃত্যু হৈছিল অনুপ গুপ্তা নামৰ এজন লোকৰ । ইফালে সমগ্ৰ ঘটনাটোত আলফা (স্বা) জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

দুৰ্ধর্ষ আলফা কেডাৰ আইডিয়মান অসমৰ নেতৃত্বত সংঘটিত হোৱা বুলি সন্দেহ কৰিছে চোৰাংচোৱাই । লগতে আলফাই লিংক মেনৰ জৰিয়তে বিস্ফোৰণ ঘটাইছে বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ইফালে ডিমৌ আৰক্ষী চকী পৰা মাত্ৰ ৪০০ মিটাৰ আঁতৰত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণটোত। পুনৰবাৰ ব্যৰ্থ হ'ল অসম আৰক্ষী ।

Your Comments