ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুৰ জোঁৰ সমদল

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৮টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সন্মুখৰ পৰা জোঁৰ লৈ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুৰ জোঁৰ সমদল

জোঁৰ সমদল কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমীয়া জাতিক এই জাতিধ্বংসী বিধেয়কখন জাপি দি অসমতে অসমীয়াক নিঃশেষ কৰিব বিচৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনক এই বিধেয়কখন বাতিল কৰি জাতিটো ৰক্ষাৰ কৰাৰ বাবে পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায় ৷

লগতে ধৰ্মৰ ভিত্তিত বিদেশীৰ বোজা জাপি দি অসমীয়া জাতিক নিঃশেষ কৰিব বিচৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও উল্লেখ কৰে । যদি চৰকাৰে এই জাতিধ্বংসী আইনখন জাপি দিব বিচাৰে তেতিয়াহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলিও হুংকাৰ দিয়ে ৷ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিজে বিদেশীৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰি এতিয়া বিদেশীৰ ওচৰত আঁঠু লৈ জাতিটো ধ্বংস কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে ।

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছুৰ জোঁৰ সমদল

যদি সোণোৱালৰ সাহস আছে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায় । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ, নিখিল বড়ো ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদী সমদলটোৱে সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে ।

আজি প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ তৌফিকুৰ ৰহমান, আঞ্চলিকৰ নিউটন কলিতা, জিতু ডেকা, জয়ন্ত শৰ্মা, মৃন্ময় কুমাৰ ডেকা, বুবুল আলী, নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰূপম বড়ো, গৰীয়া-মৰিয়া ছাত্ৰ সন্থাৰ চামচুল হক আদিৰ নেতৃত্বত সমদলটোত কৰ্মীসকলে অংশগ্ৰহণ কৰে । 
লগতে মধ্য পাণ্ডুৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাইও নিজ নিজ অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

Your Comments