সদৌ অসম ছাত্ৰ সন্হাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্হাই পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় পৰিৱৰ্তনৰ সপোন দেখুওৱাই চৰকাৰখনে নিজে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলালে ।
যিখন চৰকাৰে নিৰ্বাচনৰ সময়ত জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল সেইখন চৰকাৰৰ দিনত এনেকৈ মূল্যবৃদ্ধি হোৱাটো চিন্তনীয় বিষয় । চৰকাৰখনে সময় থাকোতে জনসাধাৰণৰ কথা ভাৱি অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ'ব ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, নিৰোদ কুমাৰ দাস, সভাপতি দিৱাকৰ কলিতা, সম্পাদক হেমন্ত দাস সহ জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়াসকল । ছাত্ৰ কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি হ্ৰাস কৰক, পেট্ৰ'লিয়াম মন্ত্ৰী হায় হায় ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
- Log in to post comments
- 14 views