যুগদ্ৰষ্টা, মহানায়ক, অসমীয়া জাতিৰ খনিকৰ, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱক কু-মন্তব্যৰে অপমান, মহাপুৰুষ মাধৱদেৱৰ অমূল্য, অসাধাৰণ সৃষ্টি নামঘোষাক অপমান আৰু অসমীয়া জাতিৰ ভক্তি সাধনাস্থল নামঘৰত প্ৰজ্বলিত বন্তিগছিক কটু মন্তব্যৰে কলুষিত কৰি এক ক'লা অধ্যায়ৰ সূচনা কৰি অসমীয়া জাতিৰ স্বাভিমানত আঘাত হনা পতঞ্জলি যোগপীঠৰ যোগ নিৰীক্ষক মানৱ জাতিৰ নামত কলঙ্ক সতীনাথ বাৰালৰ বিৰুদ্ধে আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৰঙিয়া জিলা শাখা সমন্বিতে অসম জাতীয় দলে ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু বাৰালক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত দাবী জনোৱা হয় ৷
এই কাৰ্যসূচীত উপস্থিত আছিল ৰঙিয়া জিলা শাখাৰ সভাপতি নগেন চন্দ্ৰ ডেকা, ৰঙিয়া জিলা শাখাৰ সম্পাদক শৰৎ চন্দ্ৰ ডেকা, ৰঙিয়া জিলা সেৱা বাহিনীৰ জিলাধিনায়ক ধৰ্মেশ্বৰ দাস, অসম জাতীয় দলৰ সভাপতি ৰূপক দাস, ৰুহুল আমিন, বিপুল কলিতাকে আদি কৰি বহুতো ৷
- Log in to post comments
- 73 views