জনগোষ্ঠীয় ঐক্য মঞ্চৰ সংবাদমেল: ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অসম ৰক্তাক্ত হ'ব- আটাছু

A

নিউজ ডেস্ক:

'ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ৰক্তাক্ত হ'ব অসম'-এই হুংকাৰ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ যুটীয়া সাধাৰণ সম্পাদক মিলন বুঢ়াগোহাঁইৰ।ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১ জানুৱাৰীত সংবাদমেলত ঘোষণা কৰাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে জনগোষ্ঠীৰ ঐক্য মঞ্চ।বৃহস্পতিবাৰে গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাৱত মঞ্চৰ কাৰ্যনিৰ্বাহক সভাই মুখ্যমন্ত্ৰীৰ মন্তব্যক তীক্ষ্ণ ভাৱে সমালোচনা কৰে।অনাগত দিনত এনেধৰণৰ অ-সাংবিধানিক মন্তৱ্য পৰা বিৰত থকাৰো আহ্বান মঞ্চৰ।

উল্লেখ্য যে জনগোষ্ঠীৰ ঐক্য মঞ্চই মুখ্যমন্ত্ৰীৰ মন্তৱ্য আৰু প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ দাবীত ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী চছলত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা প্ৰতি জিলা সদৰ, মহকুমা আদিত সাব্যস্ত হ'ব ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী।দিছপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰা এক সংবাদমেলত এই কথা ঘোষণা জনগোষ্ঠীয় ঐক্য মঞ্চ।

তাৎপৰ্যপূৰ্ণ কথা এই যে  মৰাণ, মটক, চুতীয়া, আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, আটছাৰ নেতৃত্বৰে গঠিত এই জনগোষ্ঠীয় ঐক্য মঞ্চ।সংবাদমেলত আটাছুৰ যুটীয়া সম্পাদকবুঢ়াগোহাঁয়ে কয়- ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা দিবলৈ মন নাথাকিলে স্পষ্ট ভাৱে মুখ্যমন্ত্ৰীয়ে জনাই দিব লাগে ।তাৰ পদক্ষেপ  কি লব লাগে আমি জানো।

পূৰ্বৰ কাৰ্যসূচীসমূহৰ শান্তিপ্ৰিয় গোন্ধ পাই চৰকাৰে বিষয়টো গুৰুত্ব দিয়া নাই।কেৱল আলোচনাৰ বাবে মাতি নিয়ে।এইবাৰ সুস্থ সিদ্ধান্ত নিদিলে  চৰকাৰৰ আলোচনা নিমন্ত্ৰণ টাই আহোম ছাত্ৰ সন্থাই প্ৰত্যাখান কৰাৰ হুংকাৰ যুটীয়া সম্পাদক গৰাকীৰ।

উল্লেখ্য যে সংবাদমেলত উপস্থিত থাকে মটক যুৱ ছাত্ৰ সন্মিলনৰ  সভাপতি ৰঞ্জিত গোহাঁই, মৰাণ ছাত্ৰ সন্থা নৱ মৰাণ, চুতীয়া যুৱ সন্মিলনৰ নৃপেন খনিকৰ প্ৰমুখ্যে বহুসংখ্যক কেন্দ্ৰীয় নেতৃত্ব।

Your Comments