নিউজ ডেস্ক:
শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে পুনৰ ক্ষোভিত সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ৫ শতাংশ মৰগীয়া বানাচ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ২০২২ৰ জানুৱাৰীৰ পৰাহে প্ৰদান কৰা হ'ব বুলি টুইটাৰ যুগে প্ৰকাশ কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে শিক্ষকসকল।শিক্ষামন্ত্ৰীৰ টুইট অযুক্তিকৰ।আৰ.অ.পি মতে দৰমহা লাভৰ পূৰ্বৰ চৰকাৰী নিৰ্দেশনাৰ উপৰিও ২০২০চনৰ পহিলা জুলাইত কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যপালৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা আৰু প্ৰাপ্য সুবিধা প্ৰদান কৰিব লাগে।কিন্তু ৰহস্যজনক ভাৱে ২০১৯ চনৰ পৰা বৰ্দ্ধিত মৰগীয়া বানাচৰ পৰা বঞ্চিত হৈ আছে সৰ্বশিক্ষাৰ অন্তৰ্গত শিক্ষকসকল।তেওঁলোকৰ দাবী মৰগীয়া বানাচ আৰ.অ.পি অনুযায়ী ৰাজ্যচৰকাৰে ঘোষণা কৰা সময়ৰ পৰা নীতি অনুসৰি কাৰ্যকৰি হয়।এনে ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে টুইটত ঘোষণা কৰা ধৰণে হলে শিক্ষকসকল ক্ষোভিত হোৱাটো স্বভাৱিক।২০১৯চনত ঘোষণা কৰা মৰগীয়া বানাচ কি যুক্তিত ২০২২ৰ পৰাহে কাৰ্যকৰী হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে- টেট উৰ্ত্তীণ শিক্ষকসকলৰ প্ৰশ্ন।প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত শিক্ষকসকল ক্ষোভিত বুলিও উল্লেখ কৰে।
- Log in to post comments
- 9266 views