বছৰৰ প্ৰথম দিনটোত মৰিগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এক ব্যতিক্ৰম ধৰ্মী কাৰ্যসূচী

A

নিউজ ডেস্ক:
অসমৰ জনগণৰ মানৱ অধিকাৰ ৰক্ষাৰ আন্দোলন খন আগবঢ়াই নিবলৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছ'ক যাতে সু-দিহা পৰামৰ্শ আৰু আশীৰ্বাদ দিয়ে তাৰেই কামনা কৰি আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মৰিগাঁৱৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তিক ওলগনি পত্ৰ আৰু গামোছাৰে অভিনন্দন জ্ঞাপন কৰি মাছ'ৰ কৰ্মকৰ্তা সকলে আশীষ গ্ৰহণ কৰে। মাছ'ৰ কেন্দ্রীয় মুখ্য উপদেষ্টা বুবুমনি গোস্বামী,কেন্দ্ৰীয় সচিব জিতুমনি নাথ,জিলা সমিতিৰ সচিব মানিক নাথকে প্ৰমুখ্যে কৰি মাছ'ৰ কৰ্মকৰ্তা সকলে মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ,শিক্ষাবিদ,সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁট আৰু বিশিষ্ট লেখক তথা শাস্ত্ৰীয় সংগীত সাধক বিৰিঞ্চিধৰ বুঢ়াগোহাঁই বাসগৃহলৈ গৈ নতুন বছৰৰ ওলগ জনাই। দুয়োজন জ্যেষ্ঠ ব্যক্তি আৰু  মাছ'ৰ কৰ্মকৰ্তা সকলৰ সৈতে হোৱা মত বিনিময়ৰ  সময়ত খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্রত মাছ'এ গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে।তদুপৰি মানুহৰ অধিকাৰ আন্দোলন খন অধিক গতিশীল কৰি তুলিবলৈ আহ্বান জনায় ।

 

Your Comments