নিউজ ডেস্ক:
ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগ মৰিগাঁৱৰ সহযোগত এইডছ আইন ২০১৭ প্ৰয়োগ সম্পৰ্কত আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত জিলাভিত্তিক সংবাদ কৰ্মী আৰু সমাজৰ মুৰব্বী লোকৰ মাজত এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। মৰিগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ নবীন ভূঞাই উদ্বোধন কৰা কৰ্মশালা খনত তেঁও এইডছ আই ভি ৰোগ কেনেদৰে সংক্ৰমণ হয় আৰু এই ক্ষেত্ৰত সাধাৰণ নাগৰিক সকলে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়। যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে এইডছ ৰোগত আক্ৰান্ত হোৱা মানেই যে জীবনটো শেষ হৈ যোৱা,তেনে ধাৰণা মনলৈ নানিবলৈ আহ্বান জনাই কয় এই ৰোগত আক্ৰান্ত হোৱা লোক সকলেও বৰ্তমানে সাধাৰণ মানুহৰ দৰে জীৱন অতিবাহিত কৰি আছে। ইয়াৰ বাবে মানুহৰ মানসিক শক্তি শক্তিশালী হোৱাৰ লগতে এই লোক সকলক সাধাৰণ মানুহৰ দৰে জীৱন অতিবাহিত কৰাত সমাজৰ প্ৰতিজন লোকেই সাহস আৰু প্ৰেৰণা যোগাব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ইফালে মৰিগাঁও জিলাত বৰ্তমানলৈ মুঠ ২১৯ জন লোক আক্ৰান্ত হোৱা বুলি উল্লেখ কৰি যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে ইয়াৰে পুৰুষ ১৩৬ জন আৰু মহিলা ৮৩ গৰাকীৰ ভিতৰত গৰ্ভৱতী মাতৃ ২৬ গৰাকী আক্ৰান্ত হোৱা বুলি সদৰি কৰে।তদুপৰি আক্ৰান্ত হোৱা সকলৰে ১৯ জন লোক ইতিমধ্যে মৃত্য ঘটিছে। মৃত্যু হোৱা সকলৰ ভিতৰত ১১ জন পুৰুষ,৬ গৰাকী মহিলা আৰু ২ টা শিশু আছিল। সম্প্ৰতি জিলা খনত দুশ জন লোক আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰে। ইফালে ২০২১ বৰ্ষৰ এপ্ৰিলৰ পৰা নবেম্বৰ মাহলৈ মুঠ ৯৫৫ জন লোকক কৰা এইডছ আই ভি পৰীক্ষাৰ অন্তত ৬২ জন লোকৰ ফলাফল পজিটিভ হোৱা বুলি জানিবলৈ দিয়ে।তদুপৰি যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে মৰিগাঁও জিলাত বৰ্তমানে ৰক্তদান কৰা লোকৰ সংখ্যা একেবাৰে তাকৰ হৈ পৰাত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্ত একেবাৰে কম পৰিমাণে জমা থকাত সাধাৰণ লোক সকল উপকৃত হোৱা স্বাৰ্থতে ৰক্তদান কৰিবলৈ সভাত মুকলি আহ্বান জনায়। আনহাতে এইডছ ৰোগৰ তত্বাবধায়কৰ দায়িত্বত থকা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ জয়ন্ত কুমাৰ নাথে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি কয় এই ৰোগত বিশেষকৈ যুৱ প্ৰজন্ম বেছিকৈ আক্ৰান্ত হোৱা পৰিলক্ষিত হোৱা বুলি উল্লেখ কৰি কয় একাংশ যুৱকে ড্ৰাগচৰ প্ৰতি আসক্তি হোৱাত আৰু এই ড্ৰাগচ গ্ৰহণৰ বাবে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাত এই ৰোগে সংক্ৰমিত হোৱাত সুবিধা লাভ কৰা বুলি মন্তব্য কৰে। এই ৰোগ অত্যধিক সংক্ৰমিত নহবলৈ চৰকাৰে যি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰি আছে এই ক্ষেত্ৰত যথেষ্ট সফল হোৱা বুলি উল্লেখ কৰি কয় এই ৰোগৰ পৰা বাচি থাকিবলৈ হলে প্ৰত্যেকে সজাগ আৰু সচেতন হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ। স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জ্যোতিষ বর্মনে আঁত ধৰা আৰু মৰিগাঁও আদালতৰ অধিবক্তা হাফিজুৰ ৰহমানে এইডছ আইন ২০১৭ ৰ ওপৰত ভাষণ প্ৰদান কৰা কৰ্মশালা খনিত মৰিগাঁও জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ পৰামৰ্শদাতা ৰিমকি ভাগৱতী,অলিৰাধা ভাগৱতী আদি কৰি স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে কৰ্মৰত সংবাদ মাধ্যমৰ কৰ্মী,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলেও অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 18 views