নিউজ ডেস্ক :
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ।নীট পি জি কাউঞ্চিলিং শীঘ্ৰে অনুষ্ঠিত কৰাৰ লগতে দিল্লীৰ প্ৰতিবাদী কনিষ্ঠ চিকিৎসকক আৰক্ষীৰ লাঠীচার্জৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা নীট পিজি কাউঞ্চিলিং শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে চিকিৎসকসকলে।
উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সকলে প্ৰতিবাদী অংশ হিচাপে বুধবাৰে জি এম চি এইচৰ জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য বহি:বিভাগৰ চিকিৎসাসেৱা বৰ্জন কৰে।গুৰুত্বপূৰ্ণ কথা এই যে ২০২০ বৰ্ষৰ নীট পি.জি পৰীক্ষা ক'ভিডৰ বাবে চলিত বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল।কিন্তু বৰ্তমানো কাউঞ্চিলিং অনুষ্ঠিত কৰা নাই কেন্দ্ৰ চৰকাৰে।তাৰ বিৰুদ্ধে কনিষ্ঠ চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ।
- Log in to post comments
- 7 views