ঘগ্ৰাপাৰত-নলবাৰী জিলা পৰিবহন বিভাগৰ বিশেষ তৎপৰতা , হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

A

নিউজ ডেস্ক:
 পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ নলবাৰী জিলা পৰিবহন বিভাগৰ পৰিবহন বিষয়া সীমান্ত বৰাই বিগত দিনত বিশেষ সজাগতা অনুষ্ঠান আয়োজিত কৰাৰ লগতে হেলমেট পৰিধান নকৰা বাইক আৰোহী ব‍্যাক্তি বিৰুদ্ধে জৰিমনাৰ উপৰিও মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। 

এই উপলক্ষে আজি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ঘগ্ৰাপাৰ হাইৱে চ'কৰ সমীপত আজি নলবাৰী জিলা পৰিবহন বিভাগৰ জড়িততে
মূলত  হেলমেট পৰিধানৰ আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। অভিযান কালত নলবাৰী।জিলা পৰিবহন বিভাগৰ বিষয়া সীমান্ত বৰাৰ ,উপস্থিত থাকি হেলমেট পৰিধান নোহোৱাকৈ বাইক চলোৱা ব‍্যক্তিৰ বিৰুদ্ধে জৰিমনা বিহে। নলবাৰী জিলা পৰিবহন বিভাগে ইতিমধ্যে
 হেলমেট পৰিধানৰ প্ৰয়োজনীয় আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ ভয়াবহতাৰ ওপৰত বিভিন্ন বানিজ্যিক বাহনত বেনাৰ- ষ্টিকাৰ লগাই সজাগতা বৃদ্ধি কৰি আহিছে বুলি নলবাৰী জিলাৰ পৰিবহন বিষয়া সীমান্ত বৰাই জানিব দিয়ে। লগতে বিষয়াগৰাকীয়ে  অহা ৩১ ডিছেম্বৰ আৰু ১ জানুৱাৰী তাৰিখে অতি বেগেৰে গাড়ী আৰু মটৰ চাইকেল চলোৱা আৰোহীসকলৰ বিৰুদ্ধে নলবাৰী জিলাজুৰি অভিযান চলোৱা হ'ব বুলিও সদৰী কৰে। 
উল্লেখ্য  হেলমেট পৰিধান নকৰা আৰু সুৰাপায়ী চালকৰ  এতিয়া লৈকে নলবাৰী জিলা পৰিবহন বিভাগে  প্ৰায় ৭০০ জন ব্যক্তিক ২৮ ডিছেম্বৰ লৈ জৰিমানা বিহা হৈছে। জানিব পৰা মতে ইফালে আজি এই সময় লৈকে ৪৫ হাজাৰ টকা জৰিমনা
আদায় কৰিছে নলবাৰী পৰিবহন বিভাগে।

Your Comments