শিল্পী খগেন গগৈক আছুৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান

A

 

নিউজ ডেস্ক:
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯তম মৃত্যু বাৰ্ষিকী উদযাপন।সদৌঅসম ছাত্ৰ সন্থাই গুৱাহাটী চানমাৰিস্থিত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিস্থলীত আজি উদযাপন কৰে মৃত্যু বাৰ্ষিকী ।অনুষ্ঠানত আছুৱে ২০২১বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে লোককৃষ্টিৰ সাধক শিল্পী খগেন গগৈক।বঁটাত আছে নগদ ২৫ হাজাৰ টকা, ফুলাম গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, মানপত্ৰ।  আছু নেতৃত্বৰ পৰা বঁটা গ্ৰহণ কৰি গগৈয়ে প্ৰতিমা বৰুৱা পাণ্ডেলৈ  শ্ৰদ্ধাঞ্জলি জনায়।প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ বাবে তেওঁক নিৰ্বাচন কৰাৰ বাবে আছু বিষয় ববীয়াক ধন্যবাদ জনায় গগৈয়ে।

"অসমীয়া লোকগীত বিশেষকৈ গোৱালপৰীয়া লোকগীতত  প্ৰতিমা বৰুৱা পাণ্ডে যি অৱদান আগবঢ়াইছে যাৰ বাবে তেওঁ পদ্মশ্ৰী, সংগীত নাটক একাডেমি  সন্মান লাভ কৰিছিল।গগৈয়ে প্ৰতিমা বৰুৱা পাণ্ডেৰ সৈতে  অনুষ্ঠান কৰিবলৈ যোৱা কথাও স্মৰণ কৰে"।  

বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই শিল্পী গৰাকীৰ বাসগৃহতো সংৰক্ষণ কৰা দাবী জনায়।গোৱালপৰীয়া লোক সংস্কৃতি উপলব্ধি কৰিব পৰাকৈ ঘৰটো সংৰক্ষণ কৰিব লাগে।

"বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়সমূত গোৱালপৰীয়া লোক গীতৰ চৰ্চা হ'ব লাগে আৰু   প্ৰতিমা বৰুৱা পাণ্ডেৰ গৃহ চহৰত তেওঁৰ নামেৰে লোকসংস্কৃতিৰ  গৱেষণা কেন্দ্ৰ স্থাপনৰ দাবী জনায় আছু উপদেষ্টা গৰাকীয়ে।

ইফালে অনুষ্ঠানত উপস্থিত থাকি সভাপতি দিপাংক নাথে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য যে ২০০৭ চনৰে পৰা ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে এই বঁটা ।২০০৭-২০চনলৈ বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে-  বিমল মালী ,সীতানাথ ৰায়,  তুলসী নেওগ ওজা , ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য্য  ৰাভা,  ড° অনিল শইকীয়া, মুহিবুৰ ৰহমান , জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম , স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ , শম্ভু ৰাভা , বিনোদ সনাল, পবিত্ৰ ৰাভা।

Your Comments