নিউজ ডেস্ক:
ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ একেবাৰে বন্ধ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ।বৰ্তমান দৰে মিডিয়াম ৱেভ চলাই ৰখোৱাৰ দাবী আছুৰ।সোমবাৰে চানমাৰিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই মিডিয়াম ৱেভ বন্ধ প্ৰসংগক বিৰোধিতা কৰি কয়- আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান।জাতিৰ স্বাভিমানত আক্ৰমণ কৰিব খোজা হৈছে কিন্তু মানি লোৱা নহব।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধৰ ব্যৱস্থা কৰাৰ লগে লগেই অসমৰ সংস্কৃতিৰ বৰপেৰাত প্ৰচণ্ড আঘাট হানিছে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ লগে লগে অসমৰ গাৱে-ভূঁইয়ে, চহৰে নগৰে থকা ৰাইজৰ লগত সংযোগ বিচিন্ন হ'ব।কেন্দ্ৰীয় চৰকাৰে জাতিৰ প্ৰতি যি অন্যায় কৰিব বিচাৰিছে তাক বন্ধ কৰিব লাগে।এইক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ লব লাগে বুলি - উপদেষ্টা গৰাকীয়ে কয়।
মিডিয়াম ৱেভ বন্ধ কৰি অসমীয়া থলুৱা ভাষা সংস্কৃতিৰ অনুষ্ঠানসমূহ সংকুচিত কৰিব বিচৰা হৈছে যি আমাৰ বাবে গ্ৰহনযোগ্য নহয়- আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যই লগতে কয়।
উল্লেখ্য যে ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে পহিলা জানুৱাৰীৰ পৰা মিডিয়াম ৱেভ বন্ধ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।
- Log in to post comments
- 7 views