নন্দিতা দেৱীলৈ প্ৰকাশন পৰিষদৰ ২০২১বৰ্ষৰ সাহিত্য বঁটা: শ্ৰেষ্ঠ প্ৰকাশক জ্যোতি প্ৰকাশন

A

B

নিউজ ডেস্ক:
অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ঘোষণা।২০২১বর্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত ঔপন্যাসিক নন্দিতা দেৱী।

'বঙল বহুদূৰ' উপন্যাসখনৰ বাবে বঁটা প্ৰদান  কৰিবলৈ তেওঁক নিৰ্বাচিত কৰা হৈছে ।ইয়াৰ উপৰিও প্ৰথমবাৰলৈ অসম প্ৰকাশন পৰিষদে শ্রেষ্ঠ প্ৰকাশকৰ বঁটা জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাক প্ৰদান কৰিব।অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত সোমবাৰে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিষদৰ সচিব প্ৰমোদ কলিতাই।চানমাৰি 'অসম গ্ৰন্থমেলা' ২৯ ডিচেম্বৰৰ শুভাৰম্ভনি অনুষ্ঠানত ঔপন্যাসিক আৰু প্ৰকাশক গৰাকীক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব বুলি জানিব দিয়ে।উল্লেখ্য যে ,বঁটাত আছে দুই লাখ টকা, মানপত্ৰ, গ্ৰন্থৰ টোপোলা।

গুৰুত্বপূৰ্ণ কথা এই  যে অসম প্ৰকাশন পৰিষদে পূৰ্বতে প্ৰদান কৰি অহা জীৱন জোৰা সাধনা বঁটাৰ সলনি প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাৰ ব্যৱস্থা কৰিছিল।কেৱল সাহিত্য ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিক সন্মান প্ৰদানৰ লক্ষ্যৰে এই বঁটাৰ ব্যৱস্থা কৰিছে পৰিষদে।উল্লেখ্য যে পৰিষদে সাহিত্য বঁটা নিৰ্বাচনৰ বাবে ২০১৮-২০২০চনৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্য সংকলন বিচাৰি প্ৰ-পত্ৰ পূৰণৰ আহ্বান জনাইছিল লেখক আৰু প্ৰকাশকসকলক।আহ্বানৰ প্ৰতি সঁহাৰি জনাইপ্ৰায় ৪০০খন প্ৰ-পত্ৰ পৰিষদলৈ আহিছিল।তাৰ মাজৰ পৰা বাছনি কমিটিয়ে বঙল বহুদূৰ গ্ৰন্থখন নিৰ্বাচিত কৰাৰ কথা জানিব দিয়ে সচিব কলিতাই।

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা।৯জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ'ব গ্ৰন্থমেলা। শুভাৰম্ভনি অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব দিয়ে সচিব গৰাকীয়ে।

Your Comments