ঘোষিত টেটৰ ফলাফলত বিসংগতি থকাৰ অভিযোগ: ছেবা কাৰ্যালয় টেট পৰীক্ষাৰ্থীৰ প্ৰতিবাদত স্তব্ধ

A

নিউজ ডেস্ক:


টেট পৰীক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদত স্তব্ধ গুৱাহাটীৰ বামুনিমৈদামস্থিত ছেবা কাৰ্যালয়।সহস্ৰাধিক টেট পৰীক্ষাৰ্থীয়ে সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ।কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ ৰাজপথত অৱস্থান কৰি শিক্ষামন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ মূর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ ঘোষণা হোৱা সাধাৰণ টেট পৰীক্ষাৰ ফলাফলত বিসংগতি থকাৰ গুৰুতৰ অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ।নিম্ন প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল পুনৰীক্ষণ কৰাৰ দাবীত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে , প্ৰতিবাদকাৰী টেট  পৰীক্ষাৰ্থীসকলৰ অভিযোগ টেট পৰীক্ষা অ'এমআৰ ছিটত বিসংগতি আছে।প্ৰশ্ন কাকতত বহুকেইটা ভুল প্ৰশ্ন আহিছিল।তেনেকৈ কিদৰে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল।বিসংগতিৰ কোনো তদন্ত নকৰাকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ তেওঁলোকৰ।
প্ৰতিবাদৰ অন্তত তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ ছেবা কৰ্তৃপক্ষক প্ৰদান কৰি সমগ্ৰ বিষয়টো পুনৰীক্ষণৰ দাবী জনায়।

Your Comments