মন্ত্ৰী অতুল বৰা , আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা আছুৰ ১৩জানুৱাৰীলৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

A

নিউজ ডেস্ক:

সদৌ অসম ছাত্ৰ সন্থাৰ কর্মীৰ ওপৰত ডিব্ৰুগড় আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী।ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ১৩জানুৱাৰীলৈকে ঘোষণা  কৰে আন্দোলনৰ কাৰ্যসূচী।

ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আৰক্ষী অধীক্ষক শ্রেতাং মিশ্রই ৰাজনৈতিক অভিসন্ধি পূৰ কৰিবলৈ আছুকর্মীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই আন্দোলনত ।

ডিব্ৰুগড় শ্বহীদ ন্যাসত সোমাই আছু কৰ্মীক বৰ্বৰ ভাৱে আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি আঞ্চলিক ছাত্ৰ সন্থাই নিজৰ নিজৰ ৰাজহুৱা স্থানত মন্ত্ৰী অতুল বৰা আৰু জিলা আৰক্ষী অধীক্ষকৰ পুত্তলিকা দাহ কৰিব।

২৮ডিচেম্বৰত চাবুৱাত অনুষ্ঠিত হ'ব লগা ভলী বল প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠানত প্ৰতিবাদী সভা আৰু মূৰত কলা কাপোৰ মাৰি দিন জোৰা প্ৰতিবাদ।

২৯ ডিচেম্বৰত চাবুৱা ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত প্ৰতিবাদী সভা আৰু ক'লা বেজ পৰিধান।

৩১ডিচেম্বৰ আৰু ১জানুৱাৰীত ডিব্ৰুগড় জিলা সদৰত ৩০ঘণ্টা অনশন।

৩ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত পুত্তলিকা   ওলমোৱা কাৰ্যসূচী।

৪জানুৱাৰীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দুলিয়াজানত প্ৰতিবাদ।

৫ জানুৱাৰীত আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত ১০০খন ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিব প্ৰতিবাদ।

৭জানুৱাৰীত মুখত ক'লা কাপোৰ মাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

৯জানুৱাৰীত প্ৰতিবাদী চাইকেল ৰেলি।

১০জানুৱাৰীত হাতত কলা পতাকা লৈ ন্যায় বিচাৰি প্ৰতিবাদী যাত্ৰা।

১১জানুৱাৰীত আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ কাৰ্যসূচীত সত্যাগ্ৰহ কাৰ্যসূচী।

১৩জানুৱাৰীত ডিব্ৰুগড় জিলা সদৰত জোৰ লৈ সমদল।

উল্লেখ্য যে মহাবিদ্যালয় নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ বাবেই আৰক্ষী জঁপিয়াই পৰিছিল কর্মীৰ ওপৰত।

Your Comments