নিউজ ডেস্ক:
অসম চৰকাৰৰ দক্ষতা, নিয়ােগ তথা উদ্যমিতা বিভাগে বেচৰকাৰী প্ৰতিষ্ঠানৰ চাকৰিৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত কৰা নিয়ােগ মেলাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ।বিভিন্ন ঠাইত বিশৃংখলতা সৃষ্টি হোৱাৰ লগতে অ'ত ত'ত পৰি ৰ'ল নিবনুৱাৰ বায়’ডাটা।এই বিশৃংখলতা পিছতেই বিভাগীয় মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰীয়ে পৰৱৰ্তী নিয়ােগ মেলা অনলাইনত অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে "ৰাজ্যৰ অধিকাংশ ঠাইতে নিয়ােগ মেলা নিয়াৰিকৈ অনুষ্ঠিত হ’ল যদিও গুৱাহাটীত কিছু খেলমেলি সৃষ্টি হােৱা দৃষ্টিগােচৰ হৈছিল।
পৰৱৰ্তী নিয়ােগ মেলা ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হ'ব । ইয়াৰ বাবে নতুন পৰ্টেল তৈয়াৰ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে"।
- Log in to post comments
- 14 views