JEC celebrate Diamond Jubilee : ৬০ টা বসন্ত গৰকিলে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে নিউ

A


নিউজ ডেস্ক:

      তিনি কুৰি বসন্ত অতিক্ৰম কৰিলে     যোৰহাট          আভিযান্ত্ৰিক মহাবিদ্যালয়ে ৷ এই উপলক্ষে মহাবিদ্যালয়খনত ২৬ আৰু ২৭ ডিচেম্বৰত উদযাপন কৰা হৈছে হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠান ৷ দেওবাৰে সমাৰোহৰ প্ৰথম দিনটোত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ৷ উল্লেখ্য যে ,হীৰক জয়ন্তী সমাৰোহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু কাৰিকৰী শিক্ষাৰ লগতে শিক্ষাৰ গুৰুত্বৰ ওপৰত ভাষণ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

উল্লেখ্য যে, ১৯৬০চনৰ ১০ অক্টোবৰত সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱেশ্বৰ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানখনে ২০২০ বৰ্ষৰ ১০ অক্টোবৰতেই অনুষ্ঠিত কৰিবলগীয়া হীৰক জয়ন্তী সমাৰোহ ক’ভিড কালীন পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ।

Your Comments