অসম ৰাজ্যিক চিৰিয়াখানাত পৰিকল্পিতভাৱে জিৰাফ হত্যা কৰাৰ অভিযোগ

A


নিউজ ডেস্ক:
অসম ৰাজ্যিক চিৰিয়াখানাত যোৱা ২৩ ডিচেম্বৰত এনি নামৰ এজনী জিৰাফৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি দেওবাৰে চিৰিয়াখানৰ প্ৰাংগণত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চই হাতে হাতে প্লে-কাৰ্ড লৈ জিৰাফৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে চিৰিয়াখানা সুৰক্ষা মঞ্চই হাতে হাতে প্লে-কাৰ্ড লৈ জিৰাফৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ।
মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে, "প্ৰকৃততে জন্তুৰ প্ৰদৰ্শনীৰ নামত বনবিভাগৰ শীৰ্ষবিষয়াৰ এটা অনাঅসমীয়া চক্ৰই অসম ৰাজ্যিক চিৰিয়াখানাক বন্যপ্ৰাণীৰ চোৰাং বজাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । এই চক্ৰটোৱে কিছুমান জন্তুক ইচ্ছাকৃতভাৱে হত্যা কৰি জন্তুবোৰৰ বিভিন্ন অংগ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰলৈ সৰবৰাহ কৰে" ।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা ২৩ ডিচেম্বৰৰ নিশা ৰাজ্যিক চিৰিয়াখানাৰ গড়ালত হোৱা জিৰাফজনীৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি অভিযোগ উত্থাপিত হৈছে । পৰিকল্পিতভাৱে জিৰাফজনী হত্যা কৰাৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৃষ্ঠপোষকতাত চিৰিয়াখানাত দুষ্কাৰ্য চলি থকাৰ অভিযোগো উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই ।

Your Comments