দেওবাৰে ডিব্ৰুগড় জিলা বন্ধ ঘোষণা আছুৰ

A

নিউজ  ডেস্ক:
সদৌ অসম ছাত্ৰ সন্থাৰ কর্মীৰ ওপৰত ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে চলোৱা আক্ৰমণৰ প্ৰতিবাদত দেওবাৰে ২৪ ঘণ্টা ডিব্ৰুগড় জিলা বন্ধ ঘোষণা। ডিব্ৰুগড় জিলা আছুৱে ঘোষণা কৰিছে বন্ধ।

ডিব্ৰুগড় শ্বহীদ ভৱনত অসম আৰক্ষী প্ৰৱেশ কৰি অপৰাধ নকৰাকৈ ১৫জনকৈ আছু কৰ্মীক টানি-চোঁচৰাই, প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কৰা কাণ্ডৰ প্ৰতিবাদত বন্ধ ঘোষণা কৰিছে।

উল্লেখ্য যে ডিব্ৰুগড় জিলা বন্ধৰ পৰা জৰুৰীকালীন সেৱা ৰেহাই দিছে।

ইফালে আছু কর্মীৰ ওপৰত অসম আৰক্ষীয়ে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে অসম জাতীয় পৰিষদে।

Your Comments