CAAৰ বিৰুদ্ধে মই এতিয়াও আছো, মোৰ চিধা কথা CAA আমি নামানোঃ জুবিন গাৰ্গ

A



নিউজ ডেস্ক:
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বিৰোধী আন্দোলৰ ৫ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত আছুৱে আয়োজন কৰিলে শ্বহীদ সোঁৱৰণ অনুষ্ঠানৰ। উল্লেখ্য যে ,আজি হাতীগাঁৱত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কয় যে ‘ CAAৰ বিৰুদ্ধে মই এতিয়াও আছো। মোৰ চিধা কথা কা আমি নামানো।কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱক কনফিউচ কৰি গৈছে, বিশেষকৈ অসমক। কিহৰ বাবে কৰিছে নাজানো। আলোচনা বহুতেই কৰি আছে কিন্তু ফলাফল পোৱা নাই।’
লগতে উত্তৰ পূবৰ ৰাইজক নিজৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।

Your Comments