নিউজ ডেস্ক:
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বিৰোধী আন্দোলৰ ৫ শ্বহীদক সোঁৱৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ।গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নেতা-কর্মীসকলে শ্ৰদ্ধা জনায় পঞ্চ শ্বহীদক।
উল্লেখ্য যে ২০১৯ চনত কা' বিৰোধী আন্দোলন কৰি আজিৰ দিনটোতে আৰক্ষীৰ গুলিত নিহত হৈছিল চেম ষ্টেফৰ্ডসহ পাঁচজন প্ৰতিবাদকাৰী।
ইফালে কা' আন্দোলনৰ পাঁচজন শ্বহীদক চৰকাৰে আজি পৰ্যন্ত শ্বহীদৰ স্বীকৃতি প্ৰদান নকৰিলে।লগতে দুৰ্ভগীয়া পাঁচ পৰিয়ালক আজি পৰ্যন্ত চৰকাৰে নিদিলে কোনো সাহায্য।
- Log in to post comments
- 7 views