নিউজ ডেস্ক:
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বিৰোধী আন্দোলনৰ ৫ শ্বহীদৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।চেম ষ্টেফৰ্ডৰ হাটীগাঁৱৰ বাসগৃহত পঞ্চ শ্বহীদক শ্ৰদ্ধা জনোৱা হয়।
অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ উপস্থিত থাকে।চেম ষ্টেফৰ্ডৰ মাতৃক কাষত লৈ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় গগৈয়ে।
ইফালে কা' আন্দোলত মৃত্যু হোৱা পাঁচজনকৈ শ্বহীদক চৰকাৰে শ্বহীদ স্বীকৃতি নিদিয়াত ক্ষোভ প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক গগৈয়ে কয়- গঁড়ৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিকো চৰকাৰে ক্ষতিপূৰণ দিয়ে।কিন্তু কা' আন্দোলনৰ পাঁচজন নিৰীহ ব্যক্তিক অপৰোচিতভাৱে হত্যা কৰা হ'ল।পৰিয়ালক ক্ষতিপূৰণ আৰু শ্বহীদ পৰিয়ালক স্বীকৃতি দিয়া নাই।এই কথাই প্ৰমাণ কৰে বিজেপি চৰকাৰ অসমীয়া জাতিৰ শত্ৰু, জাতি বিৰোধী।জাতিৰ পক্ষত যিয়েই মাত মাতিব তাকে গুলীয়াই মাৰিবৰ বাবে তেওঁলোক প্ৰস্তুত'।
পঞ্চ শ্বহীদক সোঁৱৰণ কৰি বন্তি প্ৰজ্বলন কৰি অখিলে কয়- যেতিয়ালৈ পঞ্চ শ্বহীদক চৰকাৰে শ্বহীদ স্বীকৃতি নিদিব আৰু শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ নিদিব তেতিয়ালৈ ৰাইজৰ দল ক্ষান্ত নহয় ।
কা' কেতিয়াও মানি লোৱা নহ'ব। কা' কাৰ্যকৰী হলে অসমত থকা ২০লাখ হিন্দু বাংলাদেশীয়ে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশত থকা ১কোটি ৭০লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহিব- লগতে তেওঁ কয়।
অসমবাসীক পুনৰ কা' বিৰোধী আন্দোলন শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।ঐক্যবদ্ধ কা' বিৰোধী আন্দোলন পৰিকল্পিত ভাৱে গঢ়ি তুলিব লাগিব।এইয়াই অসমবাসীৰ শপত তথা প্ৰতিজ্ঞা হ'ব লাগে- অখিলে কয়।
- Log in to post comments
- 8 views