নিউজ ডেস্ক:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" বাতিলৰ দাবীত সোচ্ছাৰ অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ।অসাংবিধানিক সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পৰিষদে ১৫ডিচেম্বৰত ৰাজ্যজুৰি সাব্যস্ত কৰিব ধৰ্ণা কাৰ্য্যসূচী।শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় -২০১৯চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ আবেগ অনুভূতি আৰু অসমবাসীৰ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰি পাঁচ জনকৈ নিৰীহক হত্যা কৰি অসাংবিধানিক তথা সাম্প্ৰদায়িক কা' জাপি দিছিল।
কা' বাতিলৰ দাবীত সমগ্ৰ অসম জুৰি হোৱা ব্যাপক আন্দোলন ক'ৰনাৰ পৰিপ্ৰেক্ষিতত হোৱা লক ডাউনৰ বাবে বিগত দুটা বছৰ স্তিমিত হৈ পৰিছিল।আনহাতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে কা' আইন গৃহীত কৰাৰ পাছত অদ্যপি আইনখন কাৰ্যকৰী কৰা নাই- নেতৃত্বদ্বয়ে কয়।
ইফালে ১৫ ডিচেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰাজ্যজুৰি সকলো জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হ'ব বুলিও জানিব দিয়ে।
- Log in to post comments
- 9 views