নিউজ ডেস্ক:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ সংসদত গৃহীত হোৱা দিনটোত নেছ'ৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চলত কলা পতাকা উত্তোলন।নেছ'ৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ ৰাজ্যত উত্তোলন কৰে কলা পতাকা।মহানগৰীৰ আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসত গুৱাহাটী ছাত্ৰ সন্থাই উত্তোলন কৰে কলা পতাকা।কা' বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান প্ৰদান কৰে আছু কৰ্মীসকলে।উল্লেখ্য যে , শ্বহীদ ন্যাসত কলা পতাকা উত্তোলন কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে।
ইফালে পতাকা উত্তোলনস্থলীত উপস্থিত থাকি নেছ' ৰমুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বলপূৰ্বক ভাৱে কা' আইন জাপি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰে।সংখ্যাৰ বলত বিজেপিয়ে কা' আইন গৃহীত কৰিছে যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ইয়াক মানি লোৱা নাই আৰু নলয়।বিতৰ্কিত আইন বাতিল নোহোৱা পৰ্যন্ত
নিৰবিচ্ছিন প্ৰতিবাদ অব্যাহত থাকিব।
আনহাতে, বিভিন্ন পন্থাৰে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকা বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই কয়- আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনা কৰিব আৰু আন্দোলনো কৰিব।পঢ়া-শুনা ক্ষতি নোহোৱাকৈ এই আন্দোলন অব্যাহত থাকিব।
উল্লেখ্য যে কলা পতাকা উত্তোলন কাৰ্যসূচীত গুৱাহাটী আছুৰ শতাধিক ছাত্ৰ-ছাত্ৰী কর্মী উপস্থিত থাকে।
- Log in to post comments
- 10 views