কা' বাতিল হ'ব লাগিব ;নলবাৰীত শ্বহীদ দিৱসত সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য

A

নিউজ ডেস্ক:
কালি নলবাৰীৰ বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়।ৰাতিপুৱাৰে পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে।শ্বহীদক তৰ্পন কৰে সম্পাদক শংকৰজ্যোতি বৰুৱাই।ইফালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ  কৰি বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ।ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ বীৰেণ চক্ৰৱৰ্তী আৰু ডঃ কমল নাৰায়ণ পাটোৱাৰী,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।আনহাতে সভাত নলবাৰীৰ প্ৰতিটো শ্বহীদ পৰিয়ালক সম্বধৰ্ণা জনোৱা হয়।ইফালে মুখ্য উপদেষ্টা গৰাকীয়ে কয় য়ে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব লাগিব, লগতে কা' আন্দোলন বাতিল হ'ব লাগিব বুলি মন্তব্য কৰে।আনহাতে ৰাজপথৰ আন্দোলন খেলপথাৰত যোৱা  সম্পৰ্কত কয় যে  অহিংসা শান্তি পূৰ্ণ আন্দোলন হ'ব।প্ৰতিবাদ হলে ৰাজপথত হ'ব আৰু সভা হলে খেলপথাৰত হ'ব বুলি মন্তব্য আগবঢ়ায় ।

 

Your Comments