১১-১২ডিচেম্বৰত কলাক্ষেত্ৰত সদৌ ভাৰত আঞ্চলিক গ্ৰামীন বিকাশ বেংকৰ বিষয়া কৰ্মচাৰী সন্থাৰ অধিৱেশন

A

নিউজ ডেস্ক:

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ ভাৰত আঞ্চলিক গ্ৰামীন বেংক কৰ্মচাৰী সন্থাৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক অধিৱেশখন ১১-১২ ডিচেম্বৰত অনুষ্ঠিত হ'ব।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব অধিৱেশন।দেশৰ ৪৩টাকৈ আঞ্চলিক গ্ৰামীন বিকাশ বেংকৰ বিষয়া-কৰ্মচাৰীয়ে অধিৱেশনত অংশগ্ৰহণ  কৰিব । শংকৰদেৱ  কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা অধিৱেশত ৰাষ্ট্ৰীয় গ্ৰামীন বেংক গঠন, উদ্যোগতা বেংকক আঞ্চলিক গ্ৰামীন বেংকৰ পৰা পৃথকিকৰণ, উন্নত প্ৰযুক্তিৰে গ্ৰামীন বেংকসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সু-ব্যৱস্থা গ্ৰহণ আদি দিশসমূহ অধিৱেশনত আলোচনা হ'ব।বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে সন্থাৰ সচিব এচ. ভেংকটেশ্বৰ ৰেড্ডীয়ে।

উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীন বিকাশ বেংক বিষয়া-কৰ্মচাৰী সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব এই অধিৱেশনখন।

সংবাদমেলত অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া সন্থাৰ সাধাৰণ সম্পাদক জীৱেশ চক্ৰৱৰ্তী প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

Your Comments