নিউজ ডেস্ক:
সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল আৰু নাগালেণ্ডত নিৰীহ শ্রমিকক সেনাৰ বৰ্বৰ হত্যাৰ বিৰুদ্ধে আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেছ'ৰ প্ৰতিবাদ।নেছ'ৰ আহ্বানত গুৱাহাটী দীঘলীপুখুৰীৰপাৰত সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে AFSPA বাতিল দাবীৰে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
প্ৰায় দুই শতাধিক আছু আৰু নেছ' কর্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত ।নেছ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছু সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে।
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰক, নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ডৰ দোষীক শাস্তি দিয়ক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, উত্তৰ-পূৱৰ প্ৰতি বৈষম্য স্থিতি প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে আছু আৰু নেছ' প্ৰতিবাদকাৰীসকলে।
প্ৰতিবাদত অংশ লৈ নেছ' উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ক'লা আইন আফস্পা বাতিল কৰক।উত্তৰ- পূৰ্বাঞ্চল ভাৰতবৰ্ষৰে অংগ এই কথা কেন্দ্ৰীয় চৰকাৰে জনা উচিত
।ক'লা আইনৰ সুযোগ লৈ নিৰীহক সেনাই বৰ্বৰ ভাৱে হত্যা কৰিব এই কথা কেতিয়াও মানি লোৱা নহব।
গুৰুত্বপূৰ্ণ কথা এই যে, নেছ'ৰ আহ্বানত আছুৱে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰছাত্ৰ- ছাত্ৰী তথা নেছ'ৰ প্ৰতিনিধি উপস্থিত থাকে।
'নাগালেণ্ডৰ সৈতে সমগ্ৰ উত্তৰ-পূৱ আছে।নাগালেণ্ডৰ বৰ্বৰ কাণ্ডৰ দোষীক কঠোৰ শাস্তি দিবই লাগিব- আজি প্ৰতিবাদত অংশ লৈ আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়।
- Log in to post comments
- 11 views