শিল্পী জে পি দাসলৈ উন্নয়ন পৰিষদৰ ২০২২বৰ্ষৰ “গণশিল্পী” বঁটা

A

নিউজ ডেস্ক:

সদৌ অসম উন্নয়নৰ পৰিষদৰ ২০২২বৰ্ষৰ “গণশিল্পী” বঁটা শিল্পী জে.পি. দাসলৈ।পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ'ব এই বঁটা।উল্লেখ্য যে ,২০১২ বৰ্ষৰ পৰা পৰিষদে বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ পৱিত্ৰ স্মৃতিত  প্ৰদান কৰি আহিছে এই “গণশিল্পী” বঁটা।

দিছপুৰ প্ৰেছক্লাবত ২০১২বৰ্ষত প্ৰথমবাৰ শিল্পী সূৰ্য্য দাসক, ২০১৩ বৰ্ষত সুদক্ষিণা শৰ্মা, ২০১৪ বৰ্ষত  দীপালী বৰঠাকুৰক, ২০১৫ বৰ্ষত লক্ষ্যহীৰা দাসক, ২০১৬ বৰ্ষত বীৰেন্দ্ৰনাথ দত্তলৈ এই বঁটা প্ৰদান কৰা হয়।

ইফালে ‘কা’ আন্দোলন আৰু ক'ৰনা মহামাৰীৰবাবে বিগত দুবছৰমান বঁটা প্ৰদান পৰিষদে স্থগিত ৰাখিছিল।কিন্তু ২০২১বৰ্ষত শিল্পী মহেন্দ্ৰ হাজৰিকাক পুনৰ এই বঁটা প্ৰদান কৰে।আজি দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিষদৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে।

ইফালে ২০২২বৰ্ষৰ গণশিল্পী বঁটা জে.পি. দাসক  ০৯ জানুৱাৰীত গুৱাহাটী দিশপুৰ লাষ্টগেটস্থিত লোকনিৰ্মাণ বিভাগৰ ভৱনত পৰিষদৰ সপ্তদশ প্রতিষ্ঠা দিৱসত  আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব। গণশিল্পী বঁটাত আছে প্ৰশস্তি পত্ৰ, সঁফুৰা, চেলেং চাদৰৰ লগতে নগদ ৩১,০০০টকা।

দিশপুৰ প্ৰেছ ক্লাৱৰ সংবাদমেলত উপস্থিত থাকে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰ,  শুভম দাস।

Your Comments