নিউজ ডেস্ক:
অসমীয়া ভাষা সাহিত্য সাহিত্যৰ বিদ্যায়তনিক দিশত ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে অসম সাহিত্য সভা জাতীয় বিদ্যায়তনিক কোষৰ উদ্যোগত বৌদ্ধিক আলোচনাচক্ৰৰ আয়োজন কৰা হয় ।ৰাজ্যখনৰ বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ উপাচাৰ্য, অধ্যক্ষ আৰু অধ্যাপকে অংশ লোৱা বৌদ্ধিক আলোচনাৰ সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই।
অসমীয়া ভাষা ৰক্ষাত বৌদ্ধিক সমাজ, শিক্ষক, অধ্যক্ষ, উপাচাৰ্য সকলৰ পৰামৰ্শ গ্ৰহণৰ উদ্দেশ্যৰে অনুষ্ঠিত বৈঠকত উপস্থিত থাকে ভাস্কৰবৰ্মা সংস্কৃতি আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অলক বুঢ়াগোহাঁই, বি বৰুৱা মহাবিদ্যালয় অধ্যক্ষ ডঃ সৈতেন্দ্ৰ নাথ বৰ্মন, গুৱাহাটী বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ ডঃ হোমেশ্বৰ কলিতা, প্ৰাগজ্যোতি মহাবিদ্যালয় অধ্যক্ষ ডঃ মনোজ মহন্ত, নগাঁও মহাবিদ্যালয় অধ্যাপক তথা অসম কলেজ শিক্ষক সন্থা সভাপতি ডঃ বিশ্বজিৎ ভূঞাই অংশগ্ৰহণ কৰে আলোচনা চক্ৰখনত।
গুৱাহাটীৰ অসম সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত বৈঠকত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অসমীয়া ভাষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।জাতি-ভাষা থাকিলেহে বাকী সম্ভৱ।পৰিৱৰ্তনৰ সৈতে খাপ খাই ভাষা সাহিত্যৰ এই যাত্ৰাত আমাৰ প্ৰতিজন ব্যক্তিক জড়িত কৰাব লাগে।বিদ্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষা নপঢ়ো বুলি কেতিয়াও নকয়, কিন্তু আমি অভিভাৱক সকলে অসমীয়া ভাষা সন্তানক পঢ়াবলৈ অৱহেলা কৰো- সভাপতি গৰাকীয়ে কয়।
ইউনিক'দত অসমীয়া ভাষাক স্থান দিবলৈ উপস্থিত বৌদ্ধিক সমাজৰ পৰা পৰামৰ্শ বিচাৰে শইকীয়াই।
ভাষা আন্দোলনৰ সুঁতিটোক ধৰি ৰাখিবলৈ আহ্বান জনায় অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।
ভাষা-সাহিত্য সংস্কৃতি লাভৱান হোৱাকৈ ছাত্ৰ-ছাত্ৰীৰ, সন্তানক মোবাইল ব্যৱহাৰ কৰিবলৈ অৰ্থাৎ ডিজিটেল কৌশলসমূহ শিকাব লাগে।অসমীয়াৰ সমল সংৰক্ষণৰ বাবে সাহিত্য সভাই 'ডিজিটেল আৰকাইভ' খোলাৰ প্ৰচেষ্টা কৰি থকা বুলিও শইকীয়াই কয়।
অসমীয়া ভাষা-সাহিত্য ৰক্ষাৰ বাবে ডিজিটেল আন্দোলন হ'ব লাগে।ইন্টাৰনেটত অসমীয়া ভাষা দুৰ্বল হৈ থকা বুলিও তেওঁ লগতে কয়।
আনহাতে, ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্তক বিৰোধ কৰে।পূৰ্বস্থিতি বাহালৰ আহ্বান অসম সাহিত্য সভাৰ।ভাষা নকলেই ভাষা হেৰাই নাযায়।কৰ্মসংযোজন, জীৱন-জীৱিকা ক্ষেত্ৰৰ লগত জড়িত নাথাকিলেহে ভাষা হেৰাই যায়'- শইকীয়াই কয়
অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত তথা ব্যাপক প্ৰচাৰ প্ৰসাৰৰ দিশত অসম সাহিত্যসভাক পৰামৰ্শ আগবঢ়ায় উপস্থিত থকা সমল ব্যক্তিসকলে।
বৌদ্ধিক আলোচনা চক্ৰত উপস্থিত থাকে সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী দেৱী, বিদ্যায়তনিক কোষৰ আহ্বায়ক ডঃ বলেন্দ্ৰ কুমাৰ দাস প্ৰমুখ্যে সাহিত্য সভাৰ বহুকেইজন সন্মানীয় ব্যক্তি।
- Log in to post comments
- 10 views