নিউজ ডেস্ক:
"সাহিত্যই আমাক অতীতলৈ লৈ যাব পাৰে, ভৱিষ্যতৰ বাট দেখুৱাব পাৰে আৰু কিতাপৰ পৃষ্ঠাৰ মাজতেই ভ্ৰমি ফুৰিব পাৰো সমগ্ৰ পৃথিৱী-মঙলবাৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯০সংখ্যক জন্ম দিৱসৰ কলাক্ষেত্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগুৱে।
মন্ত্ৰী পেগুৱে বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয়- অসম চৰকাৰৰ মিছন বসুন্ধৰা আৰু প্ৰণাম আচনিৰ দৰে পদক্ষেপসমূহ প্ৰকৃতাৰ্থতে সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঞিৰ চিন্তা চেতনাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলিসদৃশ।
নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষক সমাজলৈ আহ্বান জনায়।
মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে অসম চৰকাৰ ২৩গৰাকীসাহিত্যিক পেঞ্চন প্ৰাপ্যকক অনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে-হোমেন বৰগোহাঞি কৰ্মৰাজী আৰু আদৰ্শক জীয়াই ৰাখিবলৈ অসম চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰে অংশ স্বৰূপে মহান সাহিত্যিক গৰাকীৰ ওপজা দিনটো সাহিত্যিক পেঞ্চন প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা কথা উল্লেখ কৰে।
অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্ত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰীয়ে বৰগোহাঞিৰ জীৱন-কৃতি ওপৰত আলোকপাত কৰে।ৰাজ্য চৰকাৰৰ অনুষ্ঠানত বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্ৰদীপ্ত বৰগোহাঞি উপস্থিত থাকে।
- Log in to post comments
- 12 views