সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইন প্ৰত্যাহাৰৰ দাবীত বুধবাৰে ৰাজ্যজুৰি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

A

নিউজ ডেস্ক:


সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ আৰু নাগালেণ্ডত ১৩জন নিৰীহক  অসম ৰাইফলছে হত্যা কৰা ঘটনাৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।মহকুমাৰ আৰু জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি সাব্যস্ত কৰিব অৱস্থান ধৰ্মঘট।পুৱা ১১বজাৰ পৰা সংগঠনটোৱে ৰূপায়ণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচী।মঙলবাৰে এক  সংবাদমেলত পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ঘোষণা কৰে।উল্লেখ্য যে অৱস্থান ধর্মঘটৰ পৰা উপায়ুক্তৰ জৰিয়তে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যকৰী হৈ থকা আস্ফাৰ প্ৰত্যাহাৰৰ দাবী জনাই ৰাষ্ট্ৰপ্ৰতিলৈ স্মাৰক পত্ৰৰ প্ৰেৰণ কৰিব।

পৰিষদৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত নাগালেণ্ডৰ মন জিলাৰ মৰ্মান্তিক তথা বৰ্বৰ ঘটনাকতীক্ষ্ণ ভাষাৰে গৰিহণা জনায়।সেনাৰ বৰ্বৰ হত্যাক নিন্দা কৰি চাংমাইয়ে কয়- হত্যাকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।লগতে মৃত শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।

ইফালে, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ আইন বিৰোধিতা কৰা প্ৰসংগক সমৰ্থন জনাই চাংমাই কয়-সেই সকলৰ পৰা আমাৰ ৰাজনৈতিক নেতা সকলে শিকিব লাগে।জাতি পক্ষত তেওঁ ৰাজনীতি কৰিছে।দিল্লীক ভাল লগাবলৈ মিছাক সঁচা কৰা ৰাজনীতি কৰা নাই,আদৰ্শৰ ৰাজনীতি কৰিছে।জাতিৰ বিপদ হৈছে ৰাইজৰ পক্ষত থাকি সাহসেৰে  কলা আইন বিৰোধিতা কৰিছে।

Your Comments