নাগালেণ্ডৰ ঘটনা আৰু আস্ফাৰ বাতিলৰ দাবীত ৯ডিচেম্বৰত উত্তৰ পূবত নে'ছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:


নাগালেণ্ডৰ মন জিলাৰ মৰ্মান্তিক ঘটনাৰ বিৰুদ্ধে ঐক্যবদ্ধ উত্তৰ -পূৰ্বৰ ছাত্ৰ সংগঠন চমুকৈ নেছ'।অসম ৰাইফলছে ১৩জন নিৰীহক বৰ্বৰ ভাৱে হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা নেছ'ৰ।বৰ্বৰ হত্যাকাণ্ড, দেশ নিৰাপত্তা বাহিনীয়ে নিজ দেশৰ খিলঞ্জীয়াক হত্যা কৰিছে।জঘন্য- অমানৱীয় কাৰ্যত জড়িত নিৰাপত্তা বাহিনীক কঠোৰ শাস্তি প্ৰদানৰ দাবী নেছ'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যকৰী হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সুযোগ লৈ নিৰীহক জঘন্য-বৰ্বৰতাৰে হত্যা কৰা বুলিও লগতে তেওঁ কয়।

'কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি নিবিচাৰে।যাৰ বাবে নিজৰেই দেশৰ নাগৰিকক বৰ্বৰ হত্যা কৰিছে' - উপদেষ্টা গৰাকীয়ে লগতে কয়।

আনহাতে, মৰ্মান্তিক ঘটনাৰ বিৰুদ্ধে অহা ৯ডিচেম্বৰত উত্তৰ-পূৱৰ প্ৰতি জিলাৰ ৰাজধানীত নেছ'ৱে সাব্যস্ত কৰিব প্ৰতিবাদ।সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত এই প্ৰতিবাদ।উ:পূৰ্বাঞ্চল নাগালেণ্ডৰ লগত আছে নে'ছৰ নেতৃত্বই কয়।

Your Comments