ৰাজ্য সুৰাপায়ীলৈ দুখবৰ: ১০ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব বিলাতী সুৰাৰ মূল্য

A

নিউজ ডেস্ক:


ৰাজ্য চৰকাৰৰ আৱকাৰী বিভাগে পুনৰ বৃদ্ধি কৰিছে বিলাতী সুৰাৰ শুল্ক।বিলাতী সুৰাত সৰ্বোচ্চ ১৫ শতাংশ আবকাৰী শুল্ক বৃদ্ধিৰ কথা ৰাজপত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

জাননীত উল্লেখ মতে ১০ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত।

সোমবাৰে প্ৰকাশ কৰা অধিসূচনা খনত অৱশ্যে বীয়েৰ আৰু ৱাইনৰ অতিৰিক্ত কৰ আৰোপ কৰা হোৱা নাই।

গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰনাৰ প্ৰথম ৱেভৰ পাছতো ৰাজ্যত বৃদ্ধি হৈছিল সুৰাৰ মূল্য।

Your Comments