নিউজ ডেস্ক:
শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতেই নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।জিলাখনত সাময়িকভাৱে স্থগিত ৰখা হৈছে সেনাৰ সঞ্চালন।আনহাতে সোমবাৰে নাগালেণ্ডত ১২ ঘণ্টীয়া বন্ধ ঘোষণা টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ।ইফালে নাগালেণ্ডৰ নিৰীহ হত্যাৰ তদন্তৰ বাবে নাগালেণ্ড আৰক্ষীৰ বিভিন্ন শাখাৰ বিষয়াক লৈ ইতিমধ্যে গঠন কৰা হৈছে SIT।
উল্লেখ্য যে ,নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ দ্বাৰা নিৰীহ লোকৰ হত্যাৰ ঘটনাক ক’লা দিন হিচাপে অভিহিত কৰিছে ৰাজ্যখনৰ বিদ্ৰোহী সংগঠন এনএছচিএনে ।মন জিলাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন ঘোষণা কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয়।
- Log in to post comments
- 17 views