আজি কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ আন্দোলনৰ তৃতীয় দিন, গুৰুত্ব নাই কৰ্তৃপক্ষৰ

A

নিউজ ডেস্ক:

পাঁচ দফীয়া দাবীত শুকুৰবাৰৰ পৰা ধাৰাবাহিক ভাৱে অসহযোগ আন্দোলনত বহিছে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই।দেওবাৰে এই আন্দোলনৰ তিনিটা দিন সম্পূৰ্ন হ'ল কিন্তু কৰ্মচাৰীৰ দাবী সমাধান কৰাৰ ক্ষেত্ৰত কলাক্ষেত্ৰৰ কৰ্তৃপক্ষ আৰু ৰাজ্যচৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত  ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰী সন্থাই।  

৩ডিচেম্বৰৰ পৰা সন্থাই ২০১৮ৰ এচেচমেন্ট ৰিপোৰ্ট মতে সকলো নিযুক্ত কৰ্মচাৰী গ্ৰেছুইটি আৰু এল আই চি পেঞ্চনৰ ব্যৱস্থা পূৰ্বৰ কৰ্মচাৰীৰ দৰে নিযুক্তিৰ তাৰিখৰ পৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বাকী থকা সকলো অস্থায়ী কৰ্মচাৰীক স্কেল-পে প্ৰদান কৰি স্থায়ীকৰণৰ সকলো সা সুবিধা ৰিপোৰ্টৰ মতে নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা দিয়াৰ দাবী জনায়।


পূৰ্বৰ পৰা কাৰিকৰী শাখাত কৰ্মৰত  কৰ্মচাৰী টেকনিকেল গ্ৰেড প্ৰদানে কাৰিকৰী মৰ্যদা প্ৰদান, পদোন্নতি পাবলগীয়া সকলো কৰ্মচাৰীক সা - সুবিধাসহ পদোন্নতি প্ৰদান।ইয়াৰ সমান্তৰালকৈ বিজ্ঞাপন আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা ৪জন দৈনিক হাজিৰাৰ কাৰিকৰী কৰ্মীক অনতিপলমে  কলাক্ষেত্ৰৰ কৰ্মচাৰীৰূপে স্বীকৃতি দিয়াৰ দাবীত অসহযোগ আন্দোলন কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ সন্মুখত সাব্যস্ত কৰি আহিছে।

কৰ্মচাৰী সকলে কয় -৮৫৫ জন শ্বহীদৰ আত্মত্যাগৰ ফলশ্ৰুতিত  অসম চুক্তিৰ  ৬ নং দফা মতে  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ  স্থাপন কৰা হৈছিল। অতি পৰিতাপৰ কথা এমুঠি কৰ্মচাৰীৰে  আৰম্ভ হোৱা  কলাক্ষেত্ৰ সমাজৰ মুঠ কৰ্মচাৰী ৯৪জন।২০১৮ চনত ৪০জনক স্থায়ীকৰণ কৰা যদিও কৰ্মচাৰীক আজিলৈ গ্ৰেচুইটি আৰু এল আই চি পেঞ্চন আজিলৈ দিয়া নহল।একেদৰে বাকী কৰ্মচাৰীক আজিলৈ স্থায়ীকৰণ নকৰিলে। 

কৰ্মচাৰী সকলে সমস্যা মুখ্যমন্ত্ৰী, আয়ুক্ত সচিব , সঞ্চালক, কলাক্ষেত্ৰ সচিব, উপসভাপতিক  বাৰংবাৰ লিখিত আবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।যাৰ ফলত ৩ ডিচেম্বৰৰ পৰা গ্ৰহণ অসহযোগ আন্দোলন কাৰ্যসূচী। ৮ডিচেম্বৰলৈ অসহযোগ আন্দোলন চলি থাকিব ইয়াৰ পিছতো কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব বুলি হুংকাৰ দিয়ে।

Your Comments