উত্তৰ-পূবত কে আৰ এছ মাল্টি প্ৰ' আয়ুৰ্বেদিক সামগ্ৰীৰ আনুষ্ঠানিক মুকলি

A

নিউজ ডেস্ক:

দেওবাৰে কে আৰ এছ মাল্টি প্ৰ' প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা স্বাস্থ্যবৰ্ধক আয়ুৰ্বেদিক ঔষধ, প্ৰসাধন সামগ্রীৰ লগতে খাদ্যৰ সৈতে প্ৰয়োজনীয় উপকৰণ সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই অভিযানৰ শুভাৰম্ভনি কৰে কে আৰ এছ মাল্টি প্ৰ' প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক জে প্ৰকাশ ত্যাগীয়ে।মহানগৰীৰ উজানবজাৰৰ কুমাৰ ভাস্কৰ বৰ্মা নাট্য মন্দিৰত উত্তৰ-পূৰ্বৰ প্ৰায়কেইখন ৰাজ্যৰ পৰা অহা দুই শতাধিক ৰাইজৰ উপস্থিতিত হোৱা আড়ম্বৰপূৰ্ণ শুভাৰম্ভ অনুষ্ঠানত পৰিচালন সঞ্চালকৰ উপৰিও উত্তৰ-পূৰ্বৰ প্ৰথমজন প্ৰতিনিধি  বিশ্বজিৎ দত্ত , নবল বৰুৱা, ঋতেশ কুমাৰ, ডঃ বিজয় কুমাৰ পণ্ডিত, চন্দন কুমাৰ, নিতু শৰ্মাৰ প্ৰমুখ্যে কেইবা গৰাকী অভিজ্ঞ ব্যক্তিয়ে কে আৰ এছৰ উৎপাদিত সামগ্ৰীৰ আশ্চৰ্যকৰ গুণাগুণৰ বিষয়ে বিস্তৃত ব্যাখ্যা কৰে।মূলত মধুমেহ, কৰ্কট, কেঁচুমুৰীয়া(পাইলছ), বৃক্ক,যকৃতকে ধৰি সাম্প্ৰতিক বিশ্বত ত্ৰাসৰ সৃষ্টি কাৰক ক'ভিড-১৯(ক'ৰনা)ৰ দৰে ৰোগকে ধৰি অন্য বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা এই আয়ুৰ্বেদিক সামগ্ৰী উৎপাদন, বিতৰণ, আদিৰ বিষয়েও আলোকপাত কৰে।

উল্লেখ্য যে ঔষধসমূহ ভুক্তভোগী সকলে ব্যৱহাৰ কৰি নিজেই উপকৃত হোৱা উপৰি আৰ্থিকভাৱে কিদৰে লাভৱান হ'ব পাৰে তাৰো ব্যাখ্যা কৰে অনুষ্ঠানত উপস্থিত থকা সমল ব্যক্তিসকলে।আজি শুভাৰম্ভনি অনুষ্ঠানৰ আৰম্ভণিত অসমীয়াৰ জাতীয় বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। 

গুৱাহাটীত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটো আয়োজনৰ উদ্যোগ লয় নবল বৰুৱাই।

Your Comments