নিউজ ডেস্ক:
বিশ্বত অমিক্ৰনে আতংকৰ সৃষ্টি কৰা সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ।ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সবল নেতৃত্বত অসমত প্ৰথমপালি ক'ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।শনিবাৰে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে এই কথা।ৰাজ্যৰ অসামৰিক বঁটা ঘোষণাৰ বাবে আয়োজিত বিশেষ সংবাদমেলখনত মুখ্যমন্ত্ৰী শৰ্মাই কয়- অসমে প্ৰথমপালি ক'ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ন কৰিছে।দ্বিতীয়পালি সময়ত শেষ কৰিম'।
উল্লেখ্য যে স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ কিছুদিনৰ পৰা প্ৰদান কৰিছিল ক'ভিড ভেকচিন।আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া।তাৰ মাজতে ডঃ শৰ্মাই ঘোষণা কৰিছে এই কথা।
- Log in to post comments
- 8 views