অনিমেষ ভূঞা হত্যা: যোৰহাট বাসীলৈ এছপিয়ে জনালে এই আহ্বান, পঢ়ক

A

নিউজ ডেস্ক:

সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডত জড়িত তথ্য বিচাৰি যোৰহাটৰ জনতালৈ জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ বিশেষ আহ্বান।হত্যাকাণ্ডৰ গোচৰ শক্তি শালী কৰাৰ স্বাৰ্থত আক্ৰমণ কৰা ভিডিঅ'-ফটো যোৰহাটবাসীৰ লগত থাকিলে আৰক্ষীক যোগান ধৰাৰ আহ্বান।টুইটাৰত অধীক্ষক জনে আহ্বান জনাই কয়- ২৯নৱেম্বৰত যােৰহাটৰ এটি ৰোডত সংঘটিত গণহত্যাত জড়িতসকলৰ বিৰুদ্ধে গোচৰ শক্তিশালী কৰিবলৈ জনতাৰ সক্ৰিয় সহযােগৰ প্ৰয়ােজন।ঘটনাৰ ফটো আৰু ভিডিঅ’ বা অন্যান্য তথ্য থাকিলে ৯৪৩৫৭-১৩৯১০ নম্বৰত WhatsApp অথবা spofficejht2021@gmail.com ত মেইল কৰিব'।

উল্লেখ্য যে ঘটনাৰ মাষ্টাৰ মাইণ্ড কলা ল'ৰা ওৰফে নীৰজ দাস ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যু হৈছে।আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১৩অভিযুক্ত যোৰহাট আৰক্ষী জিম্মাত আছে ।

দুই বন্ধুৰ সৈতে ব্যৱসায়িক কামত দেৰগাঁৱৰ পৰা যোৰহাটলৈ যোৱা সময়ত নিৰ্মল চাৰিআলিত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক এদল উন্মত্ত জনতাই বৰ্বৰ ভাৱে হত্যা কৰিছিল।

Your Comments