মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৱাহাটী পল্টনবজাৰ থানাত এজাহাৰ দাখিল এগৰাকী মহিলাৰ, কিয় পঢ়ক

A

নিউজ ডেস্ক:


ৰাষ্ট্ৰীয় সংগীত অপমান কৰাৰ গুৰুতৰ অভিযোগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৱাহাটীৰ পল্টন বজাৰ থানাত এজাহাৰ দাখিল এগৰাকী মহিলাৰ।বিৰুবাৰীৰ অন্নপূৰ্ণা গিৰি নামৰ মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে ,মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় সংগীত বহি বহি পৰিৱেশন কৰাৰ অভিযোগত দাখিল কৰিছে এই এজাহাৰ।

ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বংগৰ প্ৰতিজন স্থায়ী বাসিন্দাক এজাহাৰ দাখিল কৰাৰো আহ্বান জনায় অন্নপূৰ্ণা গিৰিয়ে।

'বংগৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ জনা দৰকাৰ ৰাষ্ট্ৰীয় সংগীত থিয় হৈহে পৰিৱেশন কৰিব লাগে।ৰাষ্ট্রীয় সংগীতৰ সন্মান জনা উচিত।বহি বহি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি দুই-তিনিটা শাৰীত শেষ কৰাটো উচিত নহয়।তাতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে'- এজাহাৰ দাখিল কৰি এইদৰে কয় মহিলা গৰাকীয়ে।

Your Comments