মূল সূঁতিলৈ ঘূৰি আহিব নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’

A



নিউজ ডেস্ক:
শীঘ্ৰেই মূল সূঁতিলৈ ঘূৰি আহিব নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ’ । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা ৷ লগতে সংগঠনটোক মূলসূঁতিলৈ উভতি আহি ৰাজনৈতিক তথা শান্তিপূৰ্ণ পদ্ধতিৰে সমস্যা সমাধানৰ বাবে আদৰণি জনায় ।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘‘উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ মাজতে মই কে এল অ’ৱে মূল সূঁতিলৈ আহিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ ৷ অসম চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব’’ ৷

Your Comments