উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হ’ব অনিমেষ ভূঞাৰ দুই আঘাতপ্ৰাপ্ত বন্ধুক

A



নিউজ ডেস্ক:
বৃহস্পতিবাৰ অৰ্থাৎ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰ পালেহি অনিমেষৰ বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰনয় দত্ত।বৃহস্পতিবাৰে বাসগৃহত উপস্থিত হৈ দুয়োৰে চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
শুক্ৰবাৰে পুনৰ উন্নত চিকিৎসাৰ বাবে দুয়োকে প্ৰেৰণ কৰা হ’ব গুৱাহাটি চিকিৎসা মহাবিদ্যালয়লৈ।উল্লেখ্য যে ,অনিমেষৰ লগতে যোৰহাট কাণ্ডত গুৰুতৰ ভাৱে প্ৰহাৰ কৰা হৈছিল এই দুই বন্ধুক। কথমপি প্ৰাণ ৰক্ষা পৰিছিল মৃদুষ্মন্ত আৰু প্ৰনয়ৰ।ৰাজহাড়ত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে মৃদুষ্মন্ত বৰুৱাৰ। 

Your Comments